কলগাছিয়া, ২০ আগষ্টঃ বৰপেটা গড়কাপ্তানী বিভাগৰ সৰভোগ উপ-সংমণ্ডলৰ অন্তৰ্গত নিৰ্মাণৰত সৰভোগ-কলগাছিয়া ভট্টদেৱ পথটো ঠিকাদাৰৰ মইমতালি আৰু নিম্নমানৰ কাম কৰাৰ বাবেই কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই খহি পৰাৰ লগতে ব্লক ইটা ভাঙি পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বেও নিৰ্মাণকাৰ্য্য চলি থকাৰ সময়তে পথৰ কিছু অংশ খহি পৰিছিল। স্থানীয় ৰাইজে বাৰম্বাৰ ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক পথৰ কামটো প্ৰাককলন মতে সম্পূৰ্ণ কৰাৰ দাবী জনাই আহিছিল যদিও ৰাইজৰ এই দাবীৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই গড়কাপ্তানী বিভাগে। স্থানীয় বিধায়কজনে এই পথেৰেই অহা-যোৱা কৰে যদিও বিধায়কজনে এই ক্ষেত্ৰত চকু মুদা কুলিৰ ভাও ধৰাৰ অভিযোগ উঠিছে। উল্লেখ্য যে, ব্লক ইটাৰে নিৰ্মাণ কৰা সৰভোগ-কলগাছিয়া ভট্টদেৱ পথৰ প্ৰায়খিনি কাম ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ মাজৰ গোপন বুজাবুজিৰ বাবেই জহি-খহি যোৱাৰ অভিযোগ কৰিছে ৰাইজে। স্থানীয় লোকে গড়কাপ্তানি বিভাগৰ মন্ত্ৰী তথা বৰপেটা জিলাৰ উপায়ুক্তক ঠিকাদাৰক নাকী লগাবলৈ দাবী উত্থাপন কৰিছে।