কলগাছিয়া, সংবাদ ৩৬৫, ১৫ ফেব্ৰুৱাৰী: জন্মু কাশ্মীৰৰ পুলবামাত সন্ত্ৰাসবাদৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা বীৰ শ্বহীদ সকলৰ স্মৃতিত শুকুৰবাৰে সন্ধিয়া আমছুৱে কলগাছিয়া চাৰিয়ালি চ’কত ৰাজহুৱা শ্ৰদ্ধাজ্বলি জনায়। জম্মু কাশ্মীৰত ভাৰতীয় সেনা জোৱানৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমন কৰা ঘটনাত শ্বহীদ হোৱা সৈনিক কেইজনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত উপস্থিত থাকে আমছুৰ চেণ্ট্ৰেল কমিটিৰ প্ৰচাৰ সম্পাদক লুটফৰ ৰহমান খান, সহকাৰী সদাৰণ সম্পাদক ইউনুছ আলি আহমেদ লগতে স্থানীয় ৰাইজে উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনায়।