ৰৌতা, সংবাদ ৩৬৫, ১৩ অক্টোবৰ: ৰাজ্যৰ পৰিবৰ্তনকামী সোনোৱাল চৰকাৰখনে সৰ্বাংগীন উন্নয়নৰ ঢাক-ঢোল বজাই আহিলেও প্ৰকৃততে উন্নয়নৰ বাস্তৱ ছবিখন উদঙাই দিছে জৰাজীৰ্ণ পথ সমূহে । জৰাজীৰ্ণ পথে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক । তাৰে এক বাস্তৱ ৰূপে প্ৰমাণিত হৈছে ৰৌতাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ওদালগুৰি চহৰলৈ যোৱা ঘাইপথটো । উক্ত পথটো ছিমপ্লেক্স নামৰ কোম্পানীয়ে ২০১১ চনতে নিৰ্মাণৰ কাৰ্য আৰম্ভ কৰিছিল যদিও মাত্ৰ ১৫ কিলোমিটাৰ পথছোৱা আজিকোপতি নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই । ফলত সাধাৰণ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে পথটো শীঘ্ৰে মেৰামতি কৰাৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৰৌতা আঞ্চলিক সমিতি আৰু নলবাৰী আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত বড়ো সাহিত্য সভা,আছু,আক্ৰাছু,আগছু,বড়ো মহিলা কল্যাণ পৰিষদ, অটো সন্থা আদি বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজৰ সহযোগত দৈফাং চকত ৰাতিপুৱা ১০ বজাৰ পৰা ১২ বজালৈ ২ ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত প্ৰতিবাদস্থলিত যুদ্ধংদেহি ৰূপত ওলাই একাংশ মহিলা প্ৰতিবাদকাৰীয়ে হাতে হাতে জাকৈ,খালৈ লৈ জৰাজীৰ্ণ পথটোৰ পুখুৰী সদৃশ বৃহৎ বৃহৎ গাতবোৰত প্ৰতীকিৰূপত মাছ মাৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ প্লেকাৰ্ট লৈ সৰ্বান্দ সোনোৱাল মুৰ্দাবাদ ,গড়কাপ্তানি বিভাগ হায় হায়,বিটিচি চৰকাৰ হায় হায়,আমাক ভাল ৰাস্তা লাগিব আদি বিভিন্ন চৰকাৰ বিৰোধি শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদস্থলিত এবছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰিঞ্জয় বড়োৱে মডেল বিটিচিৰ সপোন দেখা হাগ্ৰামা মহিলাৰীৰ লগতে পৰিবৰ্তনকামী বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়ে যে , ৰৌতাৰ পৰা জিলা সদৰ সংযোগী একমাত্ৰ ৰাস্তাটো আঠ বছৰে সম্পূৰ্ণ কৰিব পৰা নাই। এই বিষয়ে পূৰ্বে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰোৱা হৈছিল যদিও বিভাগে কোনো কাণসাৰ দিয়া নাই ।ইয়াৰ উপৰিও তেও কয়, উক্ত পথছোৱাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ স্থানীয় বিধায়ক চৰন বড়ো আৰু ওদালগুৰি জিলাৰ পৰা প্ৰতিনিধিত্ব কৰা অসম চৰকাৰৰ মন্ত্ৰী ৰিহন দৈমাৰীয়েও কোনো পদক্ষেপ গ্ৰহণ নকৰাত নেতাজনে তীব্ৰ ক্ষোভ ব্যক্ত কৰে । ৰৌতা- ওদালগুৰি সংযোগী পথটো অতি শীঘ্ৰেই সম্পূৰ্ণ কৰিবলৈ ৰৌতা আৰু নলবাৰী আঞ্চলিক এবছু সভাপতি ক্ৰমে অঞ্জালু দৈমাৰী,বাবিল দৈমাৰীৰ স্বাক্ষৰীত এক স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে।