বিজনী, সংবাদ ৩৬৫, ১৭ এপ্ৰিল : চিৰাং জিলাৰ বিজনীত বুধবাৰে ৫ নং কোকৰাঝাৰ লোকসভা( অনুসূচিত জনজাতি) সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ বিপিএফৰ প্ৰাৰ্থী তথা মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ সমৰ্থনত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত উক্ত নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে একেখন হেলিকপ্তাৰেৰে উক্ত সভাত উপস্থিত হয়হি অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বড়া । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী সোণোৱালে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় ” কংগ্ৰেছে ৫৫ বছৰে অসমক গুৰুত্ব নিদিলে । কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙকে ধৰি কোনো এগৰাকী কংগ্ৰেছী প্ৰধানমন্ত্ৰীয়ে অসমক গুৰুত্ব নিদিলে। একমাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াইহে অসমক গুৰুত্ব প্ৰদান কৰিছে ।”

মুখ্যমন্ত্ৰী সোণোৱালে আৰু কয় যে বৰাক- ব্ৰহ্মপুত্ৰ মিলি অসমৰ বুকুত থকা ৩ কোটি ৩০ লাখ মানুহৰ নিৰাপত্তাৰ দায়িত্ব আমি লৈছোঁ। অসম খনিজ সম্পদ উন্নয়ন নিগমৰ অধ্যক্ষ তথা বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে আঁত ধৰা উক্ত সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ফণীভূষণ চৌধুৰীসহ অতিথি বৃন্দ উপস্থিত থাকে । অৱশ্যে সভাত উপস্থিতিৰ হাৰ তেনেই সেৰেঙা পৰিলক্ষিত হয়।