সোণতলী, ১৫ অক্টোবৰঃ দক্ষিণ কামৰূপৰ ছয়গাঁও আৰু বকো সমষ্টিত মুন্নাভাই ৰূপী চিকিৎসকে সৰ্বসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে। প্ৰাপ্ত তথ্য মতে, ছয়গাঁও আৰু বকো সমষ্টিত বৰ্তমান পাঁচ শতাধিক ভুৱা চিকিৎসকে চিকিৎসা অব্যাহত ৰাখিছে।ভুৱা চিকিৎসকে চিকিৎসাৰ লগতে ৰোগীক ম্যাদ ওকলা তথা কীটে ধৰা ঔষধ ঘৰতে নতুনকৈ পেকেজিং কৰি বিক্ৰী কৰিছে। বিশেষকৈ সোণতলী আৰু নগৰবেৰাৰ হাট বজাৰত তথা ফাৰ্মাচীত ঔষধৰ লগতে অপাৰেছন কক্ষত ব্যৱহৃত সজুলি সমূহো মুকলি ভাবে বিক্ৰি কৰা হৈছে৷ স্থানীয় স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক তথা চিকিৎসা বিষয়াই আমিনগাওঁ জিলা উপায়ুক্তক এই সন্দৰ্ভত বাৰম্বাৰ লিখিত অভিযোগ দিয়াৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। কোনো অনুজ্ঞা পত্ৰ নোহোৱাকৈ মুন্নাভাই ৰূপী ভূৱা চিকিৎসকে ভেজাল ঔষধৰ বেহা নিৰ্বিঘ্নে চলাই যোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আনহাতে ভূৱা চিকিৎসকৰ বিৰুদ্ধে অভিযোগ দিলে তেওঁলোকে হত্যাৰ ভাবুকি দিয়াৰ লগতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰো অভিযোগ উঠিছে। দক্ষিণ কামৰূপৰ মুন্নাভাই ৰূপী চিকিৎসকৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবনে, সেয়া সময়তহে জানিব পৰা হ’ব।