ৰঙিয়া, ২৮ আগষ্টঃ ৰঙিয়াৰ তুলসীবাৰীৰ  জয়ন্তীপুৰত যাতায়তৰ নামত সৰ্বসাধাৰণ জনতাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অঞ্চলটোৰ ৫০খনতকৈ অধিক গাঁৱৰ বাসিন্দাই দলঙৰ অভাৱত দুৰ্ভোগ ভূগিবলগীয়া হৈছে। স্বাধীনতাৰ ৭১ বছৰত কেবাবাৰো চৰকাৰ গঠন হ’ল যদিও বৰ্তমানলৈ তুলসীবাৰীৰ জয়ন্তীপুৰত বৰলীয়া নৈৰ ওপৰত দলং নিৰ্মাণৰ কাৰণে কোনো এখন চৰকাৰ তথা জনপ্ৰতিনিধিয়ে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি স্থানীয় লোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ যাৰ বাবে অৰ্ধ শতাধিক গাঁৱৰ জনতাই অতি বিপজ্জনকভাৱে নাৱেৰে যাতায়ত কৰিবলৈ বাধ্য হৈছে৷ তুলসীবাৰীৰ জয়ন্তীপুৰত বৰলীয়া নৈৰ ওপৰত দলং নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ ভূক্তভোগী জনতাই চৰকাৰক দাবী জনাইছে৷