অনলাইন ডেস্ক সংবাদ ৩৬৫, ২৮ আগষ্টঃ সাধী ধৰ্ষণ গোচৰত ডেৰা প্ৰমুখ বাবা ৰাম ৰহিমক চিবিআই আদালতে ৬৫ হাজাৰ টকা জৰিমনা সহ ১০ বছৰৰ কাৰাদণ্ড দিয়ে৷ উল্লেখ্য যে, স্বঘোষিত ঈশ্বৰ, ডেৰা ছাচা ছৌডাৰ প্রধান গুৰমিত ৰাম ৰহিম সিঙক ২০০২ চনত দুগৰাকী সাধবীক (মহিলা ভক্ত) ধর্ষণ কৰা বাবে চি বি আয়ে এজাহাৰ দাখিল কৰিছিল আৰু ২০০৮ চনত গোচৰৰ বিচাৰ আৰম্ভ হৈছিল। চিবিআই আদালতে যোৱা ২৫ আগষ্টত সাধী ধৰ্ষণ গোচৰত বাবা ৰাম ৰহিমক দোষী সাব্যস্ত কৰিছিল৷ আদালতে ধৰ্মগুৰুৰ শাস্তি শুনানিৰ কাৰণে আজিৰ দিনটো নিৰ্দ্ধাৰণ কৰে৷ সেই অনুসৰি ৰোহটকৰ সুনাৰিয়া জেলত আজি বিশেষ আদালতৰ জৰিয়তে বাবা ৰাম ৰহিমৰ শাস্তিৰ শুনানি দিয়া হয়৷ আদালতে দুয়ো পক্ষক নিজৰ দলিল দাঙি ধৰাৰ কাৰণে ১০-১০ মিনিট সময় দিয়ে৷ শুনানিৰ সময়ত আদালতত উপস্থিত থকা বাবা ৰাম ৰহিমে ক্ষমা ভিক্ষা কৰে যদিও আদালতে নিজৰ সিদ্ধান্ত অটল থাকে৷ আনহাতে বাবা ৰাম ৰহিমৰ শুনানীৰ পিছত জেৰা ভক্তই ছিৰচাৰ ফুল্কা গাঁৱৰ দুখন গাড়ীত অগ্নি সংযোগ কৰে৷ বাবা ৰাম ৰহিমৰ শুনানীৰ সময়ত হ’ব পৰা সকলো অভাৱনীয় ঘটনা ৰোধ কৰিবলৈ হৰিয়ানাৰ ৰোহটক আৰু ছিৰচাত পুৱাৰে পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল৷ বাবা ৰাম ৰহিমৰ দোষী সাব্যস্ত কৰা তথা আজি শাস্তি ঘোষণা কৰা চিবিআই আদালতৰ ন্যায়াধীশ জগদ্বীপ সিঙক পঞ্চকুলাৰ পৰা হেলিকপ্তাৰেৰে অনা হয়৷ ন্যায়াধীশ জগদ্বীপ সিঙক জেড প্লাছ সুৰক্ষা দিয়াৰ লগতে দুইগৰাকী সাধবীক কটকটীয়া নিৰাপত্তা প্ৰদান কৰা হয়৷ উল্লেখ্য যে, ২৫ আগষ্টত বাবা ৰাম ৰহিমক দোষী ঘোষণা কৰাৰ পিছতে দিল্লী আৰু হাৰিয়ানা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ এই লোকবিক্ষোভ তথা হিংসাৰ ফলত কেবাজনো লোকৰ মৃত্যু হৈছিল৷