মানকাচাৰ, ২৮ আগষ্টঃ মানকাচাৰৰ পাথৰিয়াত বান সাহাৰ্য্যৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ মানকাচাৰ আৰক্ষীয়ে অভিযান চলাই বান সাহাৰ্য্য সামগ্ৰীসহ এজনক আটক কৰে৷ খলিল শেষ নামৰ ব্যক্তিজনে সাহাৰ্য্য বিতৰণৰ নামত গো খাদ্য চুৰি কৰি বিক্ৰী কৰিবলৈ চেষ্টা চলাইছিল৷ আৰক্ষীয়ে ব্যক্তিজনৰ পৰা চাৰি বস্তা গো খাদ্য জব্দ কৰে৷ জানিব পৰা মতে, খলিল শেষৰ পঞ্চায়ত সভাপতিৰ লগত ঘনিষ্ট সৰ্ম্পক আছে৷ মানকাচৰ আৰক্ষীয়ে খলিল শেষৰ জেৰা অব্যাহত ৰাখিছে৷