টিংখাং, ২৫ জুলাইঃ আঁচনিৰ নাম বিশুদ্ধ খোৱাপানী যোগান, কিন্তু নাপায় এটুপিও খোৱাপানী। টিংখাঙৰ গ্ৰামাঞ্চলত বিশুদ্ধ খোৱাপানী যোগান ধৰাত ব্যৰ্থ ৰাজ্যৰ জনস্বাস্হ্য কাৰিকৰী বিভাগ। বিভাগটোৰ অধীনস্থ বিশুদ্ধ খোৱাপানী যোগানৰ নামত বছৰি কোটি কোটি টকা ব্যয় কৰি অহাৰ পিছতো টিংখাংত অধিকাংশ পানীযোগান আঁচনি এতিয়া বিকল হৈ আছে। লোকসভা নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত  তদানীন্তন কংগ্ৰেছ চৰকাৰে সমষ্টিটোৰ প্ৰায় ১৬ খনতকৈ অধিক আঁচনি গ্ৰহণ কৰিছিল। আঁচনিৰ নামত কেবাকোটি টকা ব্যয় কৰাৰ পিছতো বৰ্তমানলৈ পানী যোগান কেন্দ্ৰসমূহ বিভাগটোৱে কাৰ্যক্ষম কৰাত ব্যৰ্থ হৈছে৷ কিন্তু আঁচনিৰ অধীনত কৰ্মৰত ৫০ জনতকৈ অধিক কৰ্মচাৰীয়ে এতিয়াও চৰকাৰী দৰমহা পাই আছে। টিংখাং সমষ্টিৰ অন্তৰ্গত চপাতলি, বাঘমৰা, টিপমীয়া, চৰাই হাবিকে ধৰি বহু পানী যোগান আঁচনি বন্ধ হৈ থকাত অঞ্চল কেইটাৰ ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে। অঞ্চলটোৰ বাসিন্দা সকলে চৰকাৰ তথা সংশ্লিষ্ট বিভাগক শীঘ্ৰে বন্ধ আঁচনিসমূহ কাৰ্যকৰীকৰণৰ কাৰণে বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে।