বৰহাট, ২৫ জুলাইঃ চৰাইদেউৰ বিভিন্ন প্ৰান্তত অৱস্থিত আহোম যুগৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহ চৰকাৰ তথা পুৰাতত্ব বিভাগৰ চূড়ান্ত গাফিলতিৰ কাৰণে ধ্বংসৰ গৰাহত পৰিছে। বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ স্থায়ী পদক্ষেপ গ্ৰহণ নকৰাৰ কাৰণে বৰ্তমান আহোম যুগৰ ঐতিহ্যমণ্ডিত বহু কীৰ্তিচিহ্ন জহি-খহি নিঃশেষ হোৱাৰ উপক্ৰম হৈছে। চৰাইদেউৰ বৰুৱাছালি মৌজাৰ বিভিন্ন প্ৰান্তত অৱস্থিত ভালেসংখ্যাক  ৰজাদিনীয়া পৌৰাণিক কীৰ্তিচিহ্ন, গড়, পুখুৰী তথা মৈদাম সমূহ সংৰক্ষণ তথা উন্নয়নৰ নামত পুৰাতত্ব বিভাগৰ বিভাগীয় কৰ্তৃপক্ষই কেৱল মাত্ৰ ফটো সংগ্ৰহ কৰি ৰাইজক ভুৱা প্ৰতিশ্ৰুতি প্ৰদানৰ বাহিৰে কোনো ধৰণৰ উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা নাই। বিশেষকৈ আহোম ৰাজত্বকালৰ চিহ্ন হিচাবে পৰিচিত চৰাইদেউৰ বৰহাট চাহ বাগিচাৰ পৰা বৰপাত্ৰ চাহ বাগিচা পৰ্যন্ত বিস্তৃত শিয়ালকটা গড়টো বৰ্তমান পুৰাতত্ব বিভাগৰ চৰম অৱহেলাত নিঃশেষ হ’ব ধৰিছে। বাগিচা কৰ্তৃপক্ষৰ  বেদখলত ঐতিহাসিক শিয়ালকটা গড়টো নিঃশেষ হোৱাৰ প্ৰত্যক্ষ কৰিও পুৰাতত্ব বিভাগে নিৰৱ ভূমিকা গ্ৰহণ কৰা কাৰ্য্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে জনগোষ্ঠীয়  সংগঠন চুম্ হুম্ লিক্ লাই লে ফিঙ ঙে ত্তাঈ বৰহাট আঞ্চলিক সমিতিয়ে৷ সমিতিয়ে চৰকাৰ তথা পুৰাতত্ব বিভাগক অচিৰেই ঐতিহাসিক শিয়ালকটা গড়টো বাগিচাৰ কৰ্তৃপক্ষৰ কৱলৰ পৰা উদ্ধাৰ কৰি সংৰক্ষণ কৰাৰ লগতে চৰাইদেউৰ বিভিন্ন প্ৰান্তত অৱস্থিত প্ৰাচীন কীৰ্তিচিহ্ন সমূহ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে।