বাঘবৰ ২৫ জুলাইঃ দুৰ্নীতিৰ বিৰুদ্ধে উঠি পৰি লগা পৰিৱৰ্তনকামী বিজেপি চৰকাৰে  মাত-মাতি থকাৰ সময়তে  বৰপেটাৰ মন্দিয়া বজাৰত নিবিদালৈ ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ কৰিছে বৰপেটা  জিলা পৰিষদৰ বিষয়াই। প্ৰাপ্ত তথ্য মতে,  মন্দিয়া বজাৰৰ নিবিদালৈ ১৩ জন নিবিদাকাৰীৰ ভিতৰত সৰ্বাধিক ৪০ লাখ আৰু সৰ্ব্বনিম্ন ৭.৫১ লাখৰ ডাক সীমাবদ্ধ থাকে। কিন্ত বৰপেটা জিলা পৰিষদৰ চিইঅ’, সভাপতি মজিবৰ ৰহমান খান আৰু মন্দিয়া জিলা পৰিষদৰ সদস্য ফিৰোজ আহমেদে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত  অনিয়ম সংঘটিত কৰাৰ অভিযোগ কৰিছে বঞ্চিত নিবিদাকাৰীয়ে। সৰ্ব্বনিম্ন নিবিদাক বজাৰ দিয়াৰ পূৰ্বেই নুৰুল হাছান আৰু ৰাহুল হাছান নামৰ নিবিদাকাৰীয়ে বৰপেটা  জিলা উপায়ুক্তক অভিযোগ দিছিল। কিন্ত উপায়ুক্তই কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত ৰাহুল হাছানে পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ বিষয়াক অভিযোগ কৰে। ইয়াৰ লগতে বঞ্চিত নিবিদাকাৰীয়ে  অপৰাধ অনুসন্ধান  শাখা আৰু দুৰ্নীতি নিবাৰক  শাখাৰ জৰিয়তে সমগ্ৰ ঘটনাৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে৷ কৰ সংগ্ৰহৰ কাৰণে পৰিবৰ্তনকাৰী চৰকাৰে জিএছটিক লৈ ব্যস্ত থকা সময়তে আটাইতকৈ নিম্নমানৰ নিবিদাকাৰী ব্যক্তিক মন্দিয়া হাট আৱন্টন দিয়াত স্হানীয় ৰাইজে কঠোৰ ভাষাৰে সমালোচনা কৰিছে।