আজিজ আলী

নলবাৰী

১০ মাৰ্চ

টিহুত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক উষ্ম আদৰণি। পাটাছাৰকুছি সমষ্টিৰ মিত্ৰজোতৰ বিজেপিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছত বুধবাৰে প্ৰথমবাৰৰ বাবে সমষ্টিত উপস্থিত হয় ৰঞ্জিত কুমাৰ দাস। টিহুত উপস্থিত হৈ প্ৰথমে নাথকুছি শিৱ মন্দিৰত সেৱা জনায় ৰঞ্জিত কুমাৰ দাসে।

টিহুত উপস্থিত হোৱাৰ পিছতে ফুলাম গামোচা, শৰাই আদিৰে ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জনায় দলীয় নেতা-কৰ্মী আৰু সমৰ্থক সকলে। টিহুৰ পৰাই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰি ৰঞ্জিত কুমাৰ দাসে এক বৃহৎ বাইক ৰেলীৰে সমগ্ৰ পাটাছাৰকুছি সমষ্টি পৰিভ্ৰমণ কৰে। বিজেপি প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসক ঠায়ে ঠায়ে সম্বৰ্দ্ধনাও জনাই দলীয় কৰ্মী আৰু সমৰ্থক সকলে। দলীয় কৰ্মীৰ হৰ্ষোল্লাসৰ মাজতে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰঞ্জিত কুমাৰ দাসে কয় অসমৰ মুখ্যমন্ত্ৰী কোন হ’ব সেইয়া দলে সিদ্ধান্ত ল’ব।

অকল বিজেপি, অগপ, ইউ পি পি এল নহয় সকলো দল-সংগঠনৰ সহযোগিতা কামনা কৰি পাটাছাৰকুছি সমষ্টিৰ সকলোকে নিজক একোজন ৰঞ্জিত কুমাৰ দাস বুলি ভাবি নিৰ্বাচনত আগবঢ়িবলৈ অনুৰোধ জনাই ৰঞ্জিত কুমাৰ দাসে। পাটাছাৰকুছি সমষ্টিত বিজেপি জয়ী হোৱাটো নিশ্চিত বুলি দাবী কৰে ৰঞ্জিত কুমাৰ দাসে।