কুন্দন ভৰালী

নগাঁও

১১ মার্চ

নগাঁৱত জ্বলিল কংগ্ৰেছৰ বেনাৰ-হৰ্ডিং। প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কংগ্ৰেছ নেতাৰ সমৰ্থকে জ্বলালে কংগ্ৰেছৰ বেনাৰ, হৰ্ডিং। মাজনিশা উত্তাল হৈ পৰে নগাঁৱৰ টাউন ব্লক কংগ্ৰছৰ কাৰ্যালয়। ডাঃ দুৰ্লভ চমুৱাৰ সমৰ্থকে উত্তাল কৰিলে কংগ্ৰেছ কাৰ্যালয়।

নিৰ্বাচনী গৰম বতাহৰ মাজতে অব্যাহত আছে ৰাজনৈতিক দল সমূহৰ মাজত প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত। প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছতে প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-কর্মী আৰু সমৰ্থকৰ মাজত জ্বলিছে ক্ষোভৰ জুই। এইবাৰ প্ৰাৰ্থী কেন্দ্ৰিক সংঘাতৰ জুইৰ জ্বলিল কংগ্ৰেছৰ বেনাৰ-হৰ্ডিং। প্ৰাৰ্থী কেন্দ্ৰিক সংঘাতে ভয়াবহ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গ’ল নগাঁৱত। প্ৰাৰ্থীত্বক লৈ নগাঁও কংগ্ৰেছত জ্বলিছে ক্ষোভৰ জুই। মাজনিশা প্ৰাৰ্থী কেন্দ্ৰিক সংঘাতৰ ফলত উত্তাল হৈ পৰে নগাঁও টাউন ব্লক কংগ্ৰেছৰ কার্যলায়। নগাঁৱৰ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাক টিকটৰ পৰা বঞ্চিত কৰি নিশা প্ৰকাশ কৰা কংগ্ৰেছৰ তালিকাত স্থান দিয়া হ’ল প্ৰাক্তন মন্ত্ৰী প্ৰয়াত মুকুট শৰ্মাৰ পুত্ৰ তথা কংগ্ৰেছ নেতা শান্তনু শৰ্মাক।

শান্তনু শৰ্মাক নগাঁও সদৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছতেই মাজনিশা ডাঃ দুৰ্লভ চমুৱাৰ সমৰ্থকে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে ডাঃ দুৰ্লভ চমুৱাৰ একাংশ সমৰ্থকে। আনকি নগাঁও টাউন ব্লক কংগ্ৰেছ কাৰ্যালয়ৰ বেনাৰ, হৰ্ডিং আদি জ্বলাই দিয়ে সমৰ্থক সকলে।