গৰ্গ জ্যোতি দাস

বঙাইগাঁও

১০ মাৰ্চ

বঙাইগাঁও জিলাত এআইইউডিফৰ সভাপতি বদৰুদ্দিন আজমলকে ধৰি কেন্দ্ৰীয় নেতৃত্বক নিষিদ্ধ ঘোষণা কৰিলে দলটোৰ জিলা পৰ্যায়ৰ নেতা-কৰ্মীয়ে। বঙাইগাঁও জিলাত বদৰুদ্দিন আজমল আৰু আনিমুল ইছলাম অথবা দলটোৰ কোনো কেন্দ্ৰীয় নেতা আহিলে খেদি পঠিয়াবলৈ এআইইউডিএফৰ কৰ্মীয়ে আহ্বান জনালে। কংগ্ৰেছৰ সৈতে আসন বুজাবুজিক কেন্দ্ৰ কৰি অভয়াপুৰী এআইইউডিএফত তীব্ৰ সংঘাত।

মহাজোঁট বন্ধনৰ ফলত আসন বুজাবুজিক লৈ কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ কৰ্মীৰ মাজত জ্বলিছে ক্ষোভৰ জুই। দল দুটাই প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছৰে পৰা দল দুটাৰ কৰ্মীয়ে সমষ্টিয়ে সমষ্টিয়ে বিক্ষোভ প্ৰদৰ্শন কৰি থকা দেখিবলৈ পোৱা গৈছে। এইবাৰ আসন বুজাবুজিক লৈ অসন্তুষ্ট প্ৰকাশ কৰি ৩৫ নং অভয়াপুৰী দক্ষিণ সমষ্টিৰ অন্তৰ্গত কুশবাৰীত এআইইউডিএফৰ দলীয় নেতা-কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বিজেপিক প্ৰতিৰোধ কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত গঠিত মহাজোঁটত উদ্ভৱ হোৱা মহাজঁট এতিয়াও আঁতৰ হোৱা নাই। ৩৫ নং অভয়াপুৰী দক্ষিণ সমষ্টি কংগ্ৰেছ প্ৰাৰ্থীক এৰি দিয়াটো নিশ্চিত হোৱাত ক্ষোভত জ্বলি উঠিছে সমষ্টিটোৰ এআইইউডিএফ দলৰ কৰ্মী আৰু সমৰ্থক সকল। এইআইইউডিএফৰ দখলত থকা
অভয়াপুৰী দক্ষিণ সমষ্টিৰ বৰ্তমানৰ বিধায়ক অনন্ত কুমাৰ মালো। অভয়াপুৰী দক্ষিণ সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হোৱা বাবে এই সমষ্টিটোৰ বিধায়কগৰাকী এআইইউডিএফৰ একমাত্ৰ হিন্দু বিধায়ক। এআইইউডিএফৰ দলীয় নেতা আৰু কৰ্মীসকলে অভিযোগ কৰা মতে অভয়াপুৰী দক্ষিণ সমষ্টিত দলৰ বিধায়ক আছে, সাংগঠনিক স্থিতি অধিক মজবুত, ইমানৰ পিছতো শীৰ্ষ দুগৰাকী নেতাই সমষ্টিটো ধনৰ লেনদেনৰ বিনিময়ত কংগ্ৰেছক বিক্ৰি কৰি দিছে।

অভয়াপুৰী দক্ষিণ সমষ্টিৰ পৰা দলৰ এগৰাকী হিন্দু লোক বিধায়ক হোৱাটো শীৰ্ষ নেতৃত্বই বিচৰা নাই বুলিও অভিযোগৰ উত্থাপন কৰিছে দলীয় কর্মী আৰু সমৰ্থক সকলে। অভয়াপুৰী দক্ষিণ সমষ্টি কংগ্ৰেছ দলক এৰি দিয়াৰ বিৰোধিতা কৰি দলটোৰ কর্মী আৰু সমৰ্থক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। দলটোৰ নেতা-কৰ্মী আৰু সমৰ্থক সকলে ‘এআইইউডিএফ মুৰ্দাবাদ’, ‘বদৰুদ্দিন আজমল মুৰ্দাবাদ’ শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে।