টীয়ক, সংবাদ ৩৬৫, ২৯ জুনঃ যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃহস্পতিবাৰে নিশাৰ পৰা হঠাৎ বৃদ্ধি পাবলৈ ধৰা যোৰহাট জিলাৰ টীয়ক নদীৰ পানীত টীয়ক নগৰৰ বিস্তৃত অঞ্চল বানপানীৰ কবলত পৰাৰ লগতে কেইবা ঠাইত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ২-৩ ফুট ওপৰেদি পানী বাগৰিছে। টীয়ক নদীৰ পানী বৃদ্ধি পোৱাত টীয়কৰ তেলীয়াগাওঁ, নতুন চাপৰি, টীয়ক নগৰৰ আৱাসিক অঞ্চল, টীয়ক হাইস্কুলৰ চৌহদ, টীয়ক বাগানৰ বিস্তীৰ্ন অঞ্চল, হাটখোলা, বঙালীগাঁও, হলি ফ্লাৱাৰ বিদ্যালয়ৰ সমুখ ভাগকে ধৰি বিভিন্ন অঞ্চল বানপানীৰ কৱলত পৰা দেখা গৈছে। উল্লেখ্য যে যোৰহাট জিলাৰ টীয়কত বানপানীৰ ফলত নগৰখনৰ কেইবাখনো বিদালয়ত পাঠদান ব্যাহত হৈ পৰিছে।