মেদৰটাৰী, সংবাদ ৩৬৫, ২৮ জুনঃ ব্ৰহ্মপুত্ৰ নদীৰ গঢ়াখহনীয়া ৰোধৰ দাবীত বৃহস্পতিবাৰে ধুবুৰী জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত মেদৰটাৰীৰ শতাধিক ৰাইজৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসম চৰকাৰ মূর্দাবাদ, জল-সম্পদ বিভাগ মূর্দাবাদ, জলেশ্বৰ সমষ্টিৰ বিধায়ক মূর্দাবাদ, ধুবুৰীৰ সাংসদ মূর্দাবাদ, গঢ়াখহনীয়া ৰোধ কৰক, আমাৰ দাবী মানি লওক বিভিন্ন শ্লোগানেৰে মেদৰটাৰী অঞ্চল কঁপাই তুলিলে মেদৰটাৰী অঞ্চলৰ ৰাইজৰ লগতে কণ কণ ছাত্ৰ-ছাত্ৰী সকলে। উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱল খহনীয়াই মেদৰটাৰী অঞ্চলৰ মেদৰটাৰী, নাৰোৱামাৰী, মেদোবিল, মুণ্ডিয়া, কাপুৰপুৰী, অন্তাৰভিটাকে ধৰি কেইবাখনো গাঁৱত সংহাৰৰ সৃষ্টি কৰিছে। খহনীয়াৰ ফলত ইতিমধ্যে অঞ্চলটোৰ কেইবাশ পৰিয়ালৰ বাসগৃহৰ লগতে কেইবাহাজাৰ হেক্টৰে কৃষি ভূমি লুইতৰ বুকুত বিলীন হৈ পৰাত অঞ্চলটোত গৃহহীন হৈ পৰা পৰিয়ালৰ লোক সকল এতিয়া মুকলি আকাশৰ তলত দিন অতিবাহিত কৰিবলগীয়া হৈছে। আনফালে প্ৰবল গঢ়াখহনীয়াত যাহ যোৱাৰ উপক্ৰম হৈ পৰিছে মুণ্ডিয়া নিম্ন প্ৰাথমিক বিদ্যালয়ৰ লগতে মুণ্ডিয়া অংগনৱাদী কেন্দ্ৰ। ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই অঞ্চলটোত এক আতংকৰ পৰিৱেশ সৃষ্টি কৰাৰ পিছতো ধুবুৰী জিলা জল-সম্পদ সংমণ্ডল আৰু জিলা প্ৰশাসনে খহনীয়া ৰোধৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰি ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ। অতি শীঘ্ৰে খহনীয়া অধ্যষিত এলেকা সমূহ প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে তীব্ৰ গণ আন্দোলন গঢ়িতোলাৰ হুংকাৰ দিছে মেদৰটাৰী অঞ্চলৰ ৰাইজে।