যোৰহাট
২০ অক্টোবৰ

ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দানেৰে এজনক ফাঁচী। অন্য ২৪ জনকৈ অপৰাধীক যাবজীৱন কাৰাদণ্ডৰে দণ্ডিত। অতি শীঘ্ৰে গণ আক্ৰমণৰ বিৰুদ্ধে আইন প্ৰণয়নৰ দাবী মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ।

২০১৯ চনৰ ৩১ আগষ্টত যোৰহাট জিলাৰ টীয়ক চাহ বাগিচাত ডাঃ দেবেন দত্ত নামৰ এজন চিকিৎসক গণ আক্ৰমণৰ বলি হৈ মৃত্যুক সাৱটিব লগা হৈছিল। মঙলবাৰে ডাঃ দেবেন দত্তৰ গণ আক্ৰমণ আৰু হত্যাকাণ্ড সন্দৰ্ভত যোৰহাট সত্ৰ ন্যায়ালয়ে চূড়ান্ত ৰায়দান প্ৰদান কৰি এই ঘটনাৰ লগত জড়িত ২৪ জনকৈ অপৰাধীক যাবজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে সঞ্জয় ৰাজৱাৰ নামৰ এজনক মৃত্যুদণ্ডৰ দিয়াৰ ৰায়দানক আদৰণি জনাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক, লণ্ডনৰ গ্লোবেল পিচ কাউন্সিলৰ আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেচ্ছেদৰ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াই। শইকীয়াই সাধাৰণ এটা কথাই গণ আক্ৰমণৰ দৰে ঘটনাৰ ৰূপ লোৱা সন্দৰ্ভত কয় যে এনেধৰণৰ হত্যা-হিংসা ৰোধ কৰিবৰ বাবে ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক পৰ্যায়ত এখন কঠোৰ আইন শীঘ্ৰে প্ৰণয়ন কৰা উচিত। ডাঃ দেবেন দত্তক গণ আক্ৰমণ আৰু মৃত্যুৰ গোচৰৰ ২২ দিনত ১০৬ পৃষ্ঠা জোৰা চার্জচিট দাখিল কৰি অতি ক্ষিপ্ৰতাৰে ৩২ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা তেতিয়াৰ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক আই পি এচ, বৈভৱ চি নিম্বালকৰৰক প্ৰশংসা কৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা মানৱ অধিকাৰ তথা সমাজ কর্মী গৰাকীয়ে। ডঃ দিব্যজ্যোতি শইকীয়াই লগতে এই গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অতি ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ ক্ষেত্রত যথেষ্ট গুৰুত্ব প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক ধন্যবাদ জ্ঞাপন কৰে।

ডাঃ দেবেন দত্তৰ ঘটনা সংক্ৰান্তত আৰক্ষীৰ ক্ষিপ্ৰতা আৰু কঠোৰ স্থিতিৰ বাবেই প্ৰয়াত ডাঃ দেৱেন দত্তৰ পৰিয়ালে ন্যায় লাভ কৰিলে বুলিও জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা মানৱ অধিকাৰ তথা সমাজ কর্মী ডঃ দিব্যজ্যোতি শইকীয়াই। শইকীয়াই ৰাজ্য চৰকাৰক এনে ঘটনা ৰোধ কৰিবৰ বাবে সজাগতা অভিযান আৰম্ভ কৰাৰ লগতে গণ আক্ৰমণৰ বিৰুদ্ধে এখন কঠোৰ আইন প্ৰণয়নৰ বাবে দাবী জনায়।