পলাশবাৰী
২০ অক্টোবৰ

শাসনাধীস্ত বিজেপিৰ বিৰুদ্ধে জেহাদ ঘোষণা ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদৰ। আগন্তুক ২০২১ বর্ষৰ নিৰ্বাচনত বিজেপিৰ সংগ এৰিব ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদে।

বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকাৰ সময়তে ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদে শাসনাধীস্ত বিজেপি চৰকাৰৰ বিৰুদ্ধে জেহাদ ঘোষণা ঘোষণা কৰিছে। আগন্তুক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ সংগ এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদে। ৰাভা হাছং এলেকাত বিজেপিৰ অৰ্ন্তভুক্ত নিষেধ তথা বিজেপিক ধুলিস্যাৎ কৰাৰ হুংকাৰ দিছে ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদে। বিজেপি চৰকাৰখনে ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ৬ নং অনুচ্ছেদত অন্তৰ্ভুক্ত নকৰা আৰু ৰাভা হাছং এলেকাৰ বাহিৰত থকা ৰাভা সকলৰ সুৰক্ষাৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠন নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰি বিজেপিৰ বিৰুদ্ধে যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদে। উল্লেখ্য যে যোৱা ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত ৰাভা জাতীয় সংগঠনসমুহে যি আশা লৈ বিজেপি দলৰ লগত মিলিত হৈ চৰকাৰৰ অংশীদাৰ হৈছিল বিজেপি চৰকাৰখনে ৰাভা সকলৰ সেই আশা পূৰ্ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছে ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদে। অৱশেষত বিজেপিৰ সংগ এৰাৰ বৃহৎ সিদ্ধান্ত ঘোষণা কৰিলে ৰাভা হাছং স্বায়িত্ব শাসিত পৰিষদে।

শাসনাধীস্ত বিজেপি চৰকাৰখনে ৰাভা জনগোষ্ঠীটোক যোৱা পাঁচ বছৰে কৰি অহা প্ৰতাৰনাৰ বিষয়ে ৰাইজক অৱগত কৰাৰ উদ্দেশ্যে পলাশবাৰী সমষ্টিৰ লোহাৰঘাটত আয়োজন কৰা হয় এক বিশাল জনজাগৰন সভা। আগন্তুক নিৰ্বাচনৰ আগে আগে যদি চৰকাৰে ৰাভা জনগোষ্ঠীৰ দাবীসমুহ পালন নকৰে তেন্তে বিজেপিৰ মিত্ৰতাৰ পৰা আতৰি আহি ৰাভা হাছং এলেকাত বিজেপিক একেবাৰে ধুলিস্যাৎ কৰিব বুলি মন্তব্য কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে।