গুৱাহাটী

১৪ মে’

নগাঁও জিলাত ১৮ টাকৈ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাই কঁপাই গৈছে সমগ্ৰ দেশক। এই কৰুণ ঘটনাই হৃদয় কঁপাই তুলিছে সমগ্ৰ বিশ্বৰ প্ৰকৃতি প্ৰেমীৰ লগতে দেশবাসীৰ। বজ্ৰপাতৰ ফলত এই ১৮ টাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱা বুলি প্ৰাথমিক তদন্তত সন্দেহ প্ৰকাশ কৰা হৈছে যদিও এই ঘটনাক সহজভাৱে লোৱা নাই প্ৰকৃতি প্ৰেমী সকলে।

নগাঁও জিলাত বনৰীয়া হাতীৰ জাকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণৰ লগত জড়িত সন্থা ‘নেচাৰ্ছ বেকনে’। সন্থাটোৰ সঞ্চালক সৌম্যদ্বীপ দত্তই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যদি বনৰীয়া হাতী কেইটাৰ মৃত্যু প্ৰাকৃতিক কাৰণত হোৱা নাই তেন্তে এই ঘটনাৰ উচিত তদন্ত হ’ব লাগে। সৌম্যদ্বীপ দত্তই অসম চৰকাৰক এই ঘটনাৰ তদন্ত কৰি ইয়াৰ লগত জড়িত প্ৰতিজন ব্যক্তিক শাস্তি প্ৰদান কৰাৰ দাবী জনায়।

অসম তথা উত্তৰ পূৱত ইয়াৰ পূৰ্বে কেতিয়াও এনে ধৰণৰ ঘটনা সংঘটিত হোৱা নাই বুলিও মন্তব্য কৰে সৌম্যদ্বীপ দত্তই। আমি কেৱল মাত্ৰ মৃত হাতী কেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ অপেক্ষা কৰি আছো, যদি হাতী কেইটাৰ মৃত্যু প্ৰাকৃতিক কাৰণত হোৱা নাই তেন্তে ইয়াৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিব লাগিব বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নেচাৰ্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই।

ইফালে শুকুৰবাৰে পুৱাৰ ভাগতে বনৰীয়া হাতীৰ জাকটোৰ মৃত্যু হোৱা ঠাই পৰিদৰ্শন কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য। মুখ্যমন্ত্ৰীয়ে এই কৰুণ ঘটনা সন্দৰ্ভত বনমন্ত্ৰীক তদন্ত কৰি প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ প্ৰদান কৰাৰ পিছতে বনমন্ত্ৰী ঘটনাস্থলীত উপস্থিত হয়। ঘটনাস্থলীত বন বিভাগ আৰু পশু চিকিৎসাৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে বনৰীয়া হাতী কেইটাৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা নাই।

উল্লেখ্য যে বৃহস্পতিবাৰে নগাঁও জিলাৰ বঢ়হমপুৰৰ বামুনী পাহাৰৰ দুৰ্গম অঞ্চলত ১৮ টাকৈ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল। প্ৰাথমিক তদন্তত সন্দেহ প্ৰকাশ কৰা হৈছে যে বনৰীয়া হাতীৰ জাকটোৰ ওপৰত বজ্ৰপাত পৰাৰ ফলত হাতী কেইটাৰ মৃত্যু ঘটিছে। বৃহস্পতিবাৰে বিয়লি ভাগত বামুনী পাহাৰৰ স্থানীয় কিছুমান লোকে বনৰীয়া হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিছিল।