কাকপথাৰ, সংবাদ ৩৬৫, ৩১ অক্টোবৰ: ৰাজ্যত হস্তী মানুহৰ সংঘাত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে। হস্তী মানুহৰ সংঘাত নিত্য নৈমিত্তিক ঘটনা হিচাপে সংঘটিত হ’বলৈ ধৰিছে। মঙ্গলবাৰে নিশাও তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অধীনৰ বৰডুবি চাহ বাগিছাত প্ৰায় ১৫০ জনীয়া বনৰীয়া হাতীৰ জাক এটাই খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অাহি চাহ বাগিছাখনৰ অনিষ্ট সাধন কৰাৰ লগতে কাষৰীয়া বাসিন্দাৰ ঘৰ দুৱাৰ ,মুল্যবান গছ গছনিৰ ব্যাপক ক্ষতি সাধন কৰি বৃহত্তৰ অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি অাছে। ইতিমধ্যে ডুমডুমাৰ বন বিভাগে বনৰীয়া হাতীৰ জাকটো উক্ত স্থানৰ পৰা বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰিছে যদিওঁ সফল হ’ব পৰা নাই। বন্যহস্তীৰ অাক্ৰমনৰ অাশংকাত কাষৰীয়া বাসিন্দাসকলে ওৰে নিশা উজাগৰে থাকি নিৰাপদ স্থানত অৱস্থান কৰিছে। সম্প্ৰতি বনকৰ্মীৰ এটা বৃহৎ দলে বন্যহস্তীৰ জাকটো খেদি পঠিয়াবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।