পশ্চিম গুৱাহাটী, সংবাদ ৩৬৫, ৩১ অক্টোবৰ: গ্ৰাম্য অৰ্থনীতিৰ ৰাজহাড় হৈছে কৃষি। কৃষিপ্ৰধান অসমত কৃষি বিভাগৰ চৰম দুৰ্নীতিৰ বাবে ধ্বংস হৈছে গ্ৰাম্য অৰ্থনীতিৰ ৰাজহাড়ডাল । কৃষকৰ প্ৰাপ্য সা-সুবিধা প্ৰদান নকৰাৰ বাবে এই বেলি পশ্চিম গুৱাহাটীৰ অসম- মেঘালয়ৰ সীমান্তৱৰ্ত্তী মাটাইখাৰ, জিমীৰিগাও ,উমচুৰ আদি অঞ্চলৰ শ- শ বিঘা কৃষি ভূমি অচিন ৰোগত পৰি নষ্ট হৈ মৰুভূমি হোৱাৰ দিশত গতি কৰিছে । যাৰ ফলত মুৰে কপালে হাত দিবলগীয়া হৈছে কৃষক ৰাইজে । সময়মতে কৃষকক পৰ্যন্ত সা-সুবিধা নিদিয়াৰ বাবে খেতি পথাৰতে জ্বলি গৈছে কৃষি । কৃষি বিভাগে ৰাজ্যৰ কৃষকক বিনামূলীয়া সাৰ, কীটনাশক আৰু জলসিঞ্চনৰ সু-ব্যৱস্থাৰ বহু আঁচনি থকা বুলি ঘোষণা কৰে কিন্তু সেই আচনীয়ে ঢুকি নাপাই অসম মেঘালয় সীমান্তৱর্তী মাটাইখাৰ অঞ্চলৰ কৃষক সকললৈ । বিভাগে সময়মতে কৃষকক সহায় নকৰাৰ বাবে এই বেলি অধিকাংশ খেতি পথাৰত ধান খেতি নষ্ট হৈ পৰাত কৃষকসকল ভয়ংকৰ লোকচানৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে । কৃষি বিভাগৰ লগত কৃষক ৰাইজে বহুবাৰ যোগাযোগ কৰিও কোনো সুফল নোপোৱাত কৃষি পথাৰত ধানৰ সলনি খেৰহে ওলোৱা পৰিলক্ষিত হৈছে। এতিয়া কৃষক ৰাইজৰ দুখ কুলাই পাচিয়ে নধৰা হৈছে। যেতিয়া প্ৰয়োজনত কৃষক ৰাইজে বিভাগৰ পৰা কোনো সহায় নাপাই তেতিয়া বিভাগটোৰ প্ৰয়োজন ক’ত ।