কলগাছিয়া ২৬ আগষ্ট: দিনে দিনে ৰসাতললৈ গৈছে ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থা। বৰপেটাৰ ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত কলগাছিয়াৰ দেউকুৰা নৱবিকাশ এমই স্কুলে উদঙাইছে শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ। বিকাশ নামত শূণ্য বিদ্যালয়খনৰ প্ৰধান শিক্ষক আব্দুৰ ৰেজ্জাকে নাজানে স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ কি? নাজানে ৰাষ্ট্ৰপতিৰ নাম, ক’ব নোৱাৰে শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰীৰ নাম। বৰ্তমান এনেকৈ চলিছে ৰাজ্যৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহ। স্থানীয় লোকৰ অভিযোগ মতে, বিদ্যালয়খনত নিয়মীয়া ভাৱে পাঠদান নোহোৱাত অধিকাংশ ছাত্ৰ-ছাত্ৰী নহা হৈছে বিদ্যালয়খনলৈ। নিয়মানুৱৰ্তিতাৰ চিন নাই বিদ্যালয়ত। যাৰ যেনেকৈ মন যায় আহে আৰু যায়। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনক লৈ হেতালি খেলিছে বিদ্যালয়ৰ শিক্ষক সকলে। স্থানীয় লোকে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ ঘূৰাই আনিবলৈ শিক্ষা বিভাগক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।