বাক্সা

২৮ মে’

ডেৰ দশক পিছত ভুটানৰ পানী নামি আহিল পথাৰত। ভুটানৰ পানীয়ে হাঁহি বিৰিঙালে অসমৰ কৃষক মুখত। বাক্সা জিলাৰ অন্তৰ্গত তামুলপুৰৰ এটা অঞ্চলৰ কৃষক সকল খেতিৰ বাবে এইবাৰ আৰু নিৰ্ভৰ কৰিব নালাগে বৰষুণৰ পানীৰ ওপৰত। ভূটান চৰকাৰে সহযোগ কৰিলে অসমৰ কৃষক সকলক।

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ হাতীদুৱা আৰু শশীপুৰ অঞ্চলৰ শ শ বিঘা মাটি চৰণীয়া পথাৰত পৰিণত হৈছিল। খেতিৰ বাবে প্ৰায় ডেৰ দশক ধৰি বৰষুণৰ পানীৰ ওপৰতেই নিৰ্ভৰ আছিল অঞ্চল দুটাৰ কৃষক সকল। এইবাৰ কিন্তু অঞ্চল দুটাৰ কৃষক সকল খেতিৰ বাবে নিৰ্ভৰ কৰিব নালাগে বৰষুণৰ পানীৰ ওপৰত।

যি সময়ত ক’ভিডৰ সংহাৰী ৰূপে বহু লোকৰ জীৱন আৰু জীৱিকাত অমানিশা নমাই আনিছে সেই সময়তেই বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত হাতীদুৱা আৰু শশীপুৰ অঞ্চলৰ কৃষিজীৱী লোকসকলৰ মাজত আশাৰ ৰেঙনী দেখা পৰিলক্ষিত হৈছে। ডেৰ দশৰ পূৰ্বে ভাৰত-ভূটান সীমান্তৰ দৰঙানদীত নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা হৈছিল এটা বান্ধ। পৰৱৰ্তী সময়ত এই বান্ধ পানীৰ সোতে উটুৱাই লৈ গৈছিল।

বান্ধটো পুনৰ নিৰ্মাণ কৰা হৈছিল যদিও অঞ্চলটোৰ লোক সকলে খেতিৰ উপযোগী হোৱাকৈ পৰ্যাপ্ত পৰিমাণে পানী লাভ কৰা নাছিল। স্থানীয় লোকসকলে জানিব দিয়া অনুসৰি এইবাৰ চুবুৰীয়া দেশ ভূটান চৰকাৰে অঞ্চলটোৰ ৰাইজক যথেষ্ট সহায়ৰ হাত আগবঢ়াই দৰঙানদীটো ভূটানৰ ভিতৰত লৈকে পৰিষ্কাৰ কৰিবলৈ দিয়াৰ বাবে হাতীদুৱা আৰু শশীপুৰ অঞ্চলৰ দিশে পানীয়ে গতি লৈছে।

সেয়ে দোং নোহোৱা হৈ যোৱা ঠাই সমুহত ৰাইজে জেচিবি লগাই দোং খান্দি দিয়াৰ পিছত এতিয়া অঞ্চলটোৰ লোক সকলে সুদীৰ্ঘ ডেৰ দশকৰ পিছত বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ নকৰি একমাত্ৰ ভূটানে এৰি দিয়া পানীৰে খেতি কৰিব পাৰিব। ভূটান চৰকাৰে অঞ্চল দুটাৰ কৃষক সকলক প্ৰদান কৰা এই সুবিধাৰ বাবে কৃষক সকলে ভূটান চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছে।