জোনমণি বেগম

বিশ্বনাথ

২৯ মে’

প্ৰায় ১৫০ জন শিল্পী, কলা-কুশলীৰে গঠিত উত্তৰ অসমৰ অতি জনপ্ৰিয় থিয়েটাৰ পৃথিৰাজ থিয়েটাৰ৷ অতিমাৰী ক’ভিডৰ ফলত ৰাজ্যৰ বহুলোক আৰ্থিক সমস্যাৰ সন্মূখীন হোৱাৰ লগতে সংগীত জগত, চিনেমা জগত, ভ্ৰাম্যমান থিয়েটাৰৰ শিল্পী, কলা-কুশলী সকল বৃহৎ আৰ্থিক লোকচানৰ সন্মূখীন হৈছে৷ বহু শিল্পী, অভিনেতা-অভিনেত্ৰী, কলা-কুশলীৰ ঘৰত চৌকা নজ্বলাৰ উপক্ৰম হৈছে।

ৰাজ্যৰ অন্যান্য থিয়েটাৰৰ লগতে ২২ টা বছৰে অভিনয় থিয়টাৰকে জীৱিকা হিচাপে লোৱা উত্তৰ অসমৰ একমাত্ৰ বিশ্বনাথৰ পৃথিৰাজ থিয়েটাৰৰ প্ৰযোজক সুৰজীৎ বৰাৰো অৱস্থা বৰ্তমান অতি শোচনীয়৷ গুদামতে জহি-খহি গৈছে সকলো খিনি সঁজুলি৷ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে বহুতো মুল্যৱান সা-সৰঞ্জাম৷ বিগত বৰ্ষতটোত অভিনেতা-অভিনেত্ৰী সকলক চুক্তিবদ্ধ কৰি আগধন মাননী দিও একমাত্ৰ লকডাউনৰ বাবে চলাব নোৱাৰিলে থিয়েটাৰখন৷ চলিত বৰ্ষটো অৰ্ধ লকডাউন আৰু সান্ধ্য আইনৰ বাবে অনিশ্চয়তাত ভুগিবলগীয়া হৈছে প্ৰযোজক গৰাকী৷ অতি কষ্টৰে জীৱন-যাপন কৰি আহিছে অভিনেত্ৰী পত্নী দীপশিখা গোহাঁই বৰা আৰু প্ৰযোজক সুৰজিৎ বৰা শিল্পীদ্বয়ে৷

তেওঁলোকৰ আশা অনাগত দিনত ক’ভিডৰ বিভীষিকা অন্ত পৰিব আৰু ঘূৰি আহিব সকলো শিল্পীৰ বাবে সু-দিন৷ লগতে, নৱনিৰ্বাচিত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সাংকৃতিক পৰিক্ৰমা বিভাগৰ কেবিনেট মন্ত্ৰী বিমল বৰালৈ আহ্বান এইক্ষেত্ৰত যাতে সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত সকলোলৈ এক আশাৰ বতৰা কঢ়িয়াই আনে।