জোনমণি বেগম

বিশ্বনাথ

২৮ মে’

বিশ্বনাথ নগৰত গ্ৰাহকৰ হেতা-ওপৰা লাগিল মাছ কিনিবলৈ। কাৰণ বিশ্বনাথত বিক্ৰী কৰা হৈছে পানীৰ মুল্যত মাছ। ১১ বজাত মাছৰ বিক্ৰী বন্ধ কৰিব লাগিব, গতিকে পানীৰ দামতে মাছ বিক্ৰী কৰিবলৈ বাধ্য হ’ল মাছ বেপাৰী। একাংশক আকৌ বিনামূলীয়াকৈ মাছ দিছে বেপাৰীয়ে।

নগাঁৱৰ পৰা মাছ বেপাৰীয় বিশ্বনাথৰ বজাৰত প্ৰায়ে মাছ বিকিবলৈ আনে কিন্তু আজি নগাঁৱৰ মাছ বেপাৰীৰ কপাল বেয়া আছিল। পুৱা নগাঁৱৰ পৰা মাছ লৈ আহিছিল যদিও বাটত গাড়ী বেয়া হোৱাৰ ফলত মাছ বেপাৰী বিশ্বনাথত উপস্থিত হওঁতে পলম হয়। এইফালে ১১ বজাৰ পৰা সমগ্ৰ ৰাজ্যৰ লগত বিশ্বনাথতো কভিড এছ অ’ পিৰ অধীনত দোকান-পোহাৰ বন্ধৰ নিৰ্দেশনা। যাৰ বাবে মাছ বেপাৰীয়ে বিশ্বনাথ নগৰত প্ৰৱেশ কৰিয়ে এঘাৰ বজাৰ পূৰ্বে মাছবোৰ পানীৰ দৰত বিক্ৰী কৰিছে।

বিভিন্ন জনক আকৌ বিনামূলীয়ালৈ মাছ দিছে বেপাৰীয়ে। মাছ বোৰ বেয়া হোৱাতকৈ বা পেলাই দিয়াতকৈ বাপাৰীয়ে যি পাই, যিমান পাই দি শেষ কৰিছে মাছ বোৰ। যাৰ বাবে বিশ্বনাথ নগৰত আজি পানীৰ দৰত বিক্ৰী হৈছে মাছ। ইফালে কিন্তু মাছ বেপাৰীয়ে নগাঁৱৰ পৰা বিশ্বনাথলৈকে মাছ লৈ অনা গাড়ীৰ তেল খৰছ পৰ্যন্ত নাপালে। তথাপি কিন্তু মাছ বেপাৰীৰ আক্ষেপ নাই কাৰণ মাছবোৰ পেলাই দিয়াতকৈ ৰাইজে খাওঁক।