মুস্তাক আহমেদ

জুৰীয়া

৩ নৱেম্বৰ

জুৰীয়াত সংঘটিত হৈছে হৃদয় বিদাৰক ঘটনা। পিতৃক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা ড্ৰাগছ আসক্ত পুত্ৰৰ। ৰাইজে পিতৃ হত্যাকাৰীক ধৰি বান্ধি গতালে আৰক্ষীক।

নগাঁও জিলাৰ জুৰীয়াত আধুনিক যুগৰ পৰশুৰামৰ কাণ্ডত স্তম্ভিত ৰাইজ৷ পিতৃক হত্যাকৰি আত্মহত্যৰ ৰূপ দিয়াৰ চেষ্টাৰ অভিযোগ কুলাংগাৰ পুত্ৰৰ বিৰুদ্ধে৷ জুৰীয়াৰ দীঘলীআটিত সংঘটিত হৈছে মানবতাক লজ্জানত কৰা পিতৃ হত্যাৰ এক ঘটনা৷ শ্বৰিফুল ইছালাম নামৰ এজন কুলাংগাৰ পুত্ৰই পিতৃ জয়নাল উদ্দিনক নিজ গৃহতে হত্যা কৰি গামোছাৰে ফাঁচী লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰা বুলি আভিযোগ উত্থাপন কৰিছে চুবুৰীয়া ৰাইজে৷ জানিব পৰা মতে পূৰ্বৰে পৰাই ধন দাবী কৰি পিতৃক শাৰিৰীক তথা মানসিক অত্যচাৰ চলাইছিল কুলাংগাৰ পুত্ৰ শ্বৰিফুল ইছলামমে। একমাত্ৰ পুত্ৰই যে পিতৃৰ প্ৰাণ ল’ব পাৰিব সেই কথা সম্ভৱ জনা নাছিল পিতৃ জয়নাল উদ্দিনে কিন্তু মঙলবাৰে যেন সেয়াই হ’ল। পিতৃক হত্যা কৰি আত্মহত্যাৰ প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি শ্বৰিফুল ইছলামক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে।

আৰক্ষীয়ে পিতৃ হত্যাকাৰী শ্বৰিফুল ইছলামক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। ইফালে পিতৃ হত্যাৰ দৰে চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।