গুৱাহাটী

৩ নৱেম্বৰ

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ তুলসীবিলত আৰ্থিক সংকটৰ বাবে একেটা পৰিয়ালৰ পাঁচ গৰাকী সদস্যই সামুহিক ভাৱে আত্মহত্যা কৰা ঘটনা আৰু আৰ্থিক সংকটৰ বাবেই যোৰহাটৰ চেকনীধৰাত এগৰাকী ভাওনাৰ সাজপাৰ ব্যৱসায়ীয়ে আত্মহত্যা কৰা ঘটনাক লৈ গভীৰ শোক তথা উদ্বেগ প্ৰকাশ কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই। লকডাউনে সৃষ্টি কৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীক এক বিশেষ পেকেজ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ বাবে ঘোষনা কৰিবলৈও দাবী জনোৱাৰ লগতে চক্ৰবৃদ্ধি হাৰৰ সুদৰ বিনিময়ত ঋণ দিয়া ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান সমূহক নিয়ন্ত্ৰণ কৰিবলৈ সদ্যহতে এখন অধ্যাদেশ জাৰি কৰিবলৈ আৰু পৰৱৰ্তী সময়ত এখন নতুন আইন প্ৰৱৰ্তন কৰিবলৈ দাবী জনাইছে বিৰোধী দলপতি গৰাকীয়ে।

বিৰোধী দলপতি গৰাকীয়ে এই দাবীও উত্থাপন কৰে যে, কৰ’ণাৰ নামত ৰাইজৰ পৰা চৰকাৰে সংগ্ৰহ কৰা পূঁজিৰ হিচাপ ৰাজহুৱা কৰিব লাগে আৰু এই পূঁজি আৰ্থিক ভাৱে দূৰ্বল পৰিয়ালক সাহায্য প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰিব লাগে।দেৱব্ৰত শইকীয়াই এক বিবৃতি যোগে কয় যে, প্ৰথমে নৰেন্দ্ৰ মোদী চৰকাৰে বিমূদ্ৰাকৰণৰ দ্বাৰা বিশেষকৈ দেশৰ অসংগঠিত অৰ্থনীতি খণ্ড কোঙা কৰিলে আৰু পৰৱৰ্তী সময়ত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ঘোষনা কৰা কৰ’ণা সম্পৰ্কীয় অপৰিকল্পিত লকডাউনে ঘাইকৈ শ্ৰমজীৱি লোক আৰু ক্ষুদ্ৰ ব্যৱসায়ীক পানীত হাঁহ নচৰা অৱস্থা কৰিলে।

সোমবাৰে গোসাঁইগাঁও মহকুমাৰ তুলসীবিলত আত্মহত্যা কৰা নিৰীহ লোক সকল দৰাচলতে মোদী চৰকাৰ আৰু সোণোৱাল চৰকাৰৰ চৰম বিফলতাৰ বলি হ’ল বুলিও মন্তব্য কৰে বিৰোধী দলপতি গৰাকীয়ে। ভূতৰ ওপৰত দানহ ওলোৱাৰ দৰে কিছু ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানে আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ সংকট অধিক ঘনিভূত কৰিলে বুলি মন্তব্য কৰি দেৱব্ৰত শইকীয়াই উল্লেখ কৰে যে, যোৱা বছৰ নৱেম্বৰ মাহত এই ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান সমূহে সহজ-সৰল লোকক কৰা হাৰাশাস্তিৰ বিষয়ে অসমৰ ৰাজ্যপালৰ দৃষ্টিগোচৰ কৰা হৈছিল আৰু অসম বিধান সভাৰ বিগত দুটা অধিৱেশনত এই প্ৰতিষ্ঠানে সমূহক নাকি লগাবলৈ দেৱব্ৰত শইকীয়াই প্ৰস্তাৱ উত্থাপন কৰিছিল।

দেৱব্ৰত শইকীয়াই কয় যে, সাধাৰন ৰাইজৰ বাবে লকডাউনে সৃষ্টি কৰা আৰ্থিক সংকটৰ বিষয়ে যোৱা ৩০ মাৰ্চ, ১ এপ্ৰিল, ৮ এপ্ৰিল, ১৬ এপ্ৰিল, ২ মে, ১৬ মে, ২৫ জুন আৰু ১২ জুলাই তাৰিখে পত্ৰযোগে অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবৰ দৃষ্টিগোচৰ কৰা হৈছিল আৰু আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালক চৰকাৰৰ ফালৰ পৰা মাহিলী ৭৫০০ টকা আৰ্থিক সাহায্য প্ৰদান আদি নানা উপদেশ আগবঢ়াইছিল বিৰোধী দলপতি গৰাকীয়ে। ৰাজ্য চৰকাৰে কিন্তু জনগণৰ হিতৰ বাবে যাৱতীয় পদক্ষেপ লোৱাত ব্যৰ্থ হৈছে বুলি দেৱব্রৰ শইকীয়াই কয়।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কথোৰ সমালোচনা কৰি দেৱব্ৰত শইকীয়াই উল্লেখ কৰে যে, মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ লগতে বিজেপিৰ বিধায়ক-মন্ত্ৰী সকলে সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সোন-ৰূপ উপহাৰ দিয়া, বেংক একাউণ্ট খুলিবলৈ পইচা দিয়া আদি বিভিন্ন টোপ দিবলৈ লৈছে।লকডাউনৰ ফলত আৰ্থিক ভাৱে জৰ্জৰিত হোৱা খাতি খোৱা লোক সকলক আৰু কৰ’ণাৰ বাবে চাকৰি হেৰুৱা লোক সকলক কিন্ত সহায়ৰ হাত আগবঢ়াবলৈ কোনো প্ৰয়োজন বোধ কৰা নাই। এনে ধৰনৰ দুমূখীয়া নীতিয়ে এই নেতা সকলৰ সুবিধাবাদী আৰু স্বাৰ্থপৰ মানসিকতা উদঙাই দিয়ে বুলি মন্তব্য কৰি দেৱব্ৰত শইকীয়াই বিজেপি দলৰ মন্ত্ৰী-বিধায়ক সকলক তীব্ৰ সমালোচনা কৰে।