ইয়াছিন আলী

বঙাইগাঁও

৩ নৱেম্বৰ

বজাৰত জুই চাই দাম। নিৰ্বিকাৰ যোগান মন্ত্ৰী ফনীভূষন চৌধুৰী। নিমাত চৰকাৰ। মাণিকপুৰৰ ভাণ্ডাৰাত মূল্য বৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অভিনৱ প্ৰতিবাদ। মূল্যবৃদ্ধি ৰোধৰ দাবীত যোগান মন্ত্ৰীৰ প্ৰতিকী লগত লৈ প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্রাম সমিতিয়ে।

দিনক দিনে অত্যাৱশ্যকীয় সমগ্ৰীৰ লগতে খাদ্য সমগ্ৰীৰ জুই চাই দামে সৰ্বসাধাৰণ ৰাইজক জলাকলা খুৱাইছে যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰখনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। বিশেষকৈ মূল্যবৃদ্ধিৰ জুয়ে জনতাক দহি থকাৰ সময়তে যোগান মন্ত্ৰী ফণী ভূষন চৌধুৰী ঘৰত শুই থকাৰ অভিযোগ উত্থাপিত হৈছে। এফালে যদি মূল্যবৃদ্ধিকলৈ চৰকাৰখন নিচুপ হৈ আছে আনফালে বিৰোধী দল সমূহৰ ভূমিকাও সম্পূৰ্ণ নিষ্ক্ৰিয়।

মূল্যবৃদ্ধি ৰোধৰ দাবীত দুদিন পূৰ্বে আম আদমী পাৰ্টীৰ অসম ৰাজ্যিক সমিতি ৰাজপথলৈ ওলাই অহাৰ পিছতে মঙলবাৰে মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সমগ্ৰাম সমিতিয়ে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ভাণ্ডাৰাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোগান মন্ত্ৰী ফনীভূষন চৌধুৰীৰ প্ৰতিকী পথাৰত চ’হ বনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ভাণ্ডাৰা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বঙাইগাঁও জিলা সমিতিৰ সহযোগত অনুষ্ঠিত প্ৰতিবাদী কায্যসুচীত যোগান মন্ত্ৰী মুৰ্দাবাদ, ফনীভূষন চৌধুৰী গ’ বেগ, বিজেপি চৰকাৰ হায় হায়, ধ্বনিৰে আকাশ বতাহ কপাই তোলে প্ৰতিবাদকাৰী সকলে।

বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহিধৰ ৰায় আৰু ভাণ্ডাৰা আঞ্চলিক সমিতি কৰ্মকৰ্তা সকলৰ লগতে ভালেই সংখ্যক স্থানীয় লোকেও মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়।