কুন্দন ভৰালী

নগাঁও

৬ নৱেম্বৰ

নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ধাৰাবাহিক ভাৱে লাভ কৰি আছে সফলতা। বিগত কিছুদিন ধৰি কেইবাগৰাকী ড্ৰাগছ ব্যৱসায়ীৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী পৰিছে নগাঁও আৰক্ষীৰ জালত। উদ্ধাৰ হৈছে বিভিন্ন প্ৰকাৰৰ বৃহৎ পৰিমাণ ড্ৰাগছ। শুকুৰবাৰে পুনৰ এক সাফল্য লাভ কৰে জিলাখনৰ হয়বৰগাঁও আৰক্ষীয়ে।

নগাঁৱৰ আমতলাৰ নাৰমাৰী অঞ্চলত শুকুৰবাৰে নগাঁৱৰ হয়বৰগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া আবিদূৰ ৰহমান আৰু নগাঁও সদৰ আৰক্ষী শাখাৰ উপ-পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অঞ্চলটোৰ আব্দুল হাই আৰু তেওঁৰ পুত্ৰ চাদ্দাম হুছেইনে নিজ বাসগৃহৰ পৰাই দীৰ্ঘদিন ধৰি মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল। আৰক্ষীয়ে এই সংক্ৰান্তত খবৰ লাভ কৰাত শুকুৰবাৰে অভিযান চলাই আব্দুল হাইৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে নগদ ধন জব্দ কৰে। আৰক্ষীৰ অভিযানৰ খবৰ পাই ছাদ্দাম হুছেইন নামৰ ড্ৰাগছ ব্যৱসায়ীজন পলাই যাবলৈ সক্ষম হয় যদিও ছাদ্দাম হুছেইনৰ পিতৃ আব্দুল হাই আৰু ছাদ্দাম হুছেইনৰ পত্নী জাহানাৰ বেগমক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে বিগত কিছুবছৰ ধৰি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ আসক্ত লোকৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে। বিশেষকৈ নগাঁৱৰ যুৱ প্ৰজন্মক কোঙা কৰি পেলাইছে ড্ৰাগছ।

নগাঁও আৰক্ষীয়ে বিভিন্ন সময়ত নগাঁৱৰ বহু অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এই মাৰাত্মক ব্যৱসায়ীৰ লগত জড়িত কেইবাগৰাকী লোকক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে আটক কৰি জেললৈ প্ৰেৰণ কৰা ড্ৰাগছ ব্যৱসায়ী সকল কিছুদিন জেলত থাকি জামিনত মুক্ত আকাশৰ তললৈ ওলাই আহি পুনৰ এই মাৰাত্মক ব্যৱসায়ীৰ লগত জড়িত হৈ পৰে।