আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

৬ নৱেম্বৰ

নামনি অসমৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত ঋণ পৰিশোধ কৰিব নোৱাৰি একেটা পৰিয়ালৰ পাঁচজনকৈ ব্যক্তিয়ে আত্মহত্যাৰ দৰে চূড়ান্ত পথ বাছি ল’বলৈ বাধ্য হৈছিল। গোসাইগাঁৱৰ এই হৃদয়বিদাৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতে এইবাৰ কাঠফুলাৰ দৰে গজি উঠা মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে সৰৱ হৈ উঠিল শিৱসাগৰৰ মহিলা।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গজি উঠা মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে অত্যাচাৰ আৰু শোষণৰ অভিযোগ বহু পুৰণি। কোনো চৰকাৰী অথবা ৰিজাৰ্ভ বেংকৰ নীতি-নিয়ম নমনা একাংশ মাইক্ৰ ফাইনেন্স কোম্পানীয়ে কেই টকামান ঋণ দিয়াক লৈ মহিলা সকলক শোষণ-লাঞ্ছনা কৰি অহাৰ অভিযোগ বিভিন্ন সময়ত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে। মাইক্ৰ ফাইনেন্সৰ এনে লুণ্ঠন-বঞ্চনাৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শতাধিক মহিলাই শিৱসাগৰৰ ৰাজপথ কঁপাই তোলে। বিভিন্ন দল-সংগঠনে বাৰম্বাৰ প্ৰশাসন আৰু চৰকাৰক এনে মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে আজিলৈকে মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থ গ্ৰহণ নকৰিলে। ফলত শুকুৰবাৰে শতাধিক মহিলাই শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি মাইক্ৰ ফাইনেন্স সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে।প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে যে ঋণ পৰিশোধৰ নামত একাংশ মাইক্ৰ ফাইনেন্স কোম্পানীৰ কৰ্মচাৰী সকলে মহিলা সকলক বিভিন্ন ধৰণে নিৰ্যাতন চলাই আছে।

চৰকাৰ তথা প্ৰশাসন এইসমূহ মাইক্ৰ ফাইনেন্স কোম্পানীৰ কৰ্মচাৰী সকলক নাকী লগাবলৈ সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে। মাইক্ৰ ফাইনেন্স কোম্পানীৰ কৰ্মচাৰী সকলক নাকী লগাবলৈ জিলা উপায়ুক্ত এখন স্মাৰক পত্ৰও প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে। চৰকাৰ তথা প্ৰশাসনে অতি শীঘ্ৰে মাইক্ৰ ফাইনেন্স কোম্পানী সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাইজে এই ক্ষেত্ৰত নিজে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে।