চিৰাং

৩ ফেব্ৰুৱাৰী

চিৰাং জিলাৰ ঢালিগাঁৱত ৬ টাকৈ হাতী দাঁতসক এজন লোকক আটক কৰা হৈছে। ভাৰত চৰকাৰৰ বন‍্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব‍্যু’ৰ, বন বিভাগ আৰু চিৰাং আৰক্ষীৰ ৬ টাকৈ হাতী দাঁতসহ এজন লোকক আটক কৰে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই হাতী দাঁতসহ আটক কৰা হয় মিন্টু চৌধুৰী নামৰ লোকজনক।

চিৰাং জিলাৰ ঢালিগাঁৱত ৬ টাকৈ হাতী দাঁতসহ এজন লোকক আটক কৰে ভাৰত চৰকাৰৰ বন‍্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব‍্যু’ৰ, বন বিভাগ আৰু চিৰাং আৰক্ষীয়ে। চিৰাংত হাতী দাঁতৰ চোৰাং বেহাৰ এক গোপন খবৰৰ ভিত্তিত ভাৰত চৰকাৰৰ বন‍্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব‍্যু’ৰ, বন বিভাগ আৰু চিৰাং আৰক্ষীয়ে যৌথ অভিযান চলাই হাতী দাঁতসহ লোক জনক আটক কৰিবলৈ সক্ষম হয়। বুধবাৰে পুৱাৰ ভাগত চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পদ্মপুৰৰ পৰা অভিযানকাৰী দলটোৱে মিন্টু চৌধুৰী নামৰ লোকজনক ৬ টাকৈ হাতী দাঁতসহ আটক কৰে। অভিযানকাৰী দলটোৱে মিন্টু চৌধুৰীৰ কবলৰ পৰা জব্দ কৰা হাতী দাঁত কেইটাৰ ওজন ১০ কেজি হ’ব বুলি বন বিভাগে জানিবলৈ দিয়ে। হাতী দাঁতসহ আটক হোৱা মিন্টু চৌধুৰী নামৰ লোকজন বঙাইগাঁৱৰ পৰিবহন বিভাগৰ বাছ আস্থানৰ কাষতে থাকে যদিও লোকজন গুৱাহাটীৰ বিৰুবাৰীৰ স্থায়ী বাসিন্দা বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে বিগত কিছুসময় ধৰি চিৰাং জিলাত হাতী দাঁতৰ চোৰাং বেহা ব্যাপক হাৰত বৃদ্ধি পাইছে। পূৰ্বেও বন বিভাগ আৰু আৰক্ষীয়ে চোৰাং হাতী দাঁত ব‍্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই বহু হাতীৰ দাঁত জব্দ কৰাৰ লগতে এই অবৈধ ব্যৱসায়ৰ লগত জড়িত বহু লোকক আটক কৰিছে। বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে যে ভূটান সীমান্তৰে
আন্তৰ্জাতিক হাতী দাঁতৰ ব‍্যৱসায়ী চক্ৰই চিৰাং জিলত প্ৰৱেশ কৰি হাতী দাঁতৰ চোৰাং ব‍্যৱসায় চলাই আহিছে।