গুৱাহাটী

২ ফেব্ৰুবাৰি

কেন্দ্ৰীয় চৰকাৰৰ ২০২১ বৰ্ষৰ সাধাৰণ বাজেটক আদৰণী জনাইছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকচাৰ ডেভল’পাৰ্চ এছ’চিয়েশ্বন চমুকৈ ‘এৰিডা’ই। ‘এৰিডা’ৰ সভাপতি অভিযন্তা পি কে শৰ্মাই এই সন্দৰ্ভত কয় ‘ মহামাৰী কৰ’ণাৰ ফলত বিধ্বস্ত হৈ পৰা দেশৰ অৰ্থনীতিক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্য এইবাৰৰ বাজেটত স্পষ্ট ৰূপত দেখা পোৱা গৈছে।

বাজেটত ৰিয়েল ইষ্টেট খণ্ডটোক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। ৰিয়েল ইষ্টেট খণ্ডত আৱাসগৃহৰ চাহিদা বৃদ্ধিৰ লক্ষ্যই অৰ্থনৈতিক বিকাশৰ লগতে সংস্থাপনৰ বাট মুকলি কৰিব। আনহাতে বহনক্ষম আৱাসিক প্ৰকল্পসমূহৰ বাবে কৰ অৱকাশ আৰু এবছৰলৈ বৃদ্ধি কৰাটো অন্যতম উল্লেখযোগ্য দিশ। যিটো ৰিয়েল ইষ্টেট উদ্যোগটোৰ বাবে অত্যন্ত প্ৰয়োজনীয় আছিল। সেইদৰে গৃহ ঋণৰ ক্ষেত্রত সুদৰ হাৰ হ্ৰাস কৰাৰ ফলত আৱাসিক ক্ষেত্রৰ উৎকৰ্ষ সাধন হ’ব। ২০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে স্থাপন হ’বলগীয়া উন্নয়নমূলক বিত্তীয় প্ৰতিষ্ঠানৰ যোগেদি ৰিয়েল ইষ্টেট খণ্ডত প্ৰয়োজনীয় অৰ্থৰ বৃদ্ধি হ’ব। বাজেটত এছেট ৰিকনষ্ট্ৰাকশ্যন কোম্পানীৰ ঘোষণাই বেংকসমূহক ঋনৰ ক্ষেত্রত থকা সমস্যা লাঘৱ কৰাৰ লগতে হেঁচা কমিব।

আৰ ই আই টিৰ যোগেদি ঋণ প্ৰদানৰ অনুমতি দিয়াৰ প্ৰস্তাৱিত সংশোধনীয়ে ৰিয়েল ইষ্টেট খণ্ডত বিনিয়োগৰ বাবে অধিক আকৰ্ষন বৃদ্ধি কৰিব। বাজেটত চৰকাৰে ৰিয়েল ইষ্টেট খণ্ডৰ বিকাশৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰে দেশৰ অৰ্থনীতিত ৰিয়েল ইষ্টেট খণ্ডৰ গুৰুত্ব স্পষ্ট ৰূপত স্বীকাৰ কৰিছে।