শিৱসাগৰ, সংবাদ ৩৬৫, ২৭ আগষ্ট: পৰিবৰ্তনকামী চৰকাৰ গঠনৰ ৪ বছৰ উকলি যোৱাৰ পিছতো ৰাস্তা ঘাটৰ কোনো পৰিবৰ্তন হোৱা দেখা নগল। ৰাজ্যত এতিয়াও জৰাজীৰ্ণ পথে যমৰ যাতনা ভোগাইছে পথচাৰীক। তাৰ প্ৰতিবাদতে সোমবাৰে শিৱসাগৰৰ পৰা শিমলুগুৰি ভুৱন গগৈ সংগযোগী পথ পুনৰ নিৰ্মাণৰ দাবীত বিজেপি মূৰ্দাবাদ, হিমন্ত বিশ্ব গ’ বেক, সৰ্বানন্দ সোনোৱাল মূৰ্দাবাদ আদি শ্লোগানেৰে পথ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰে। প্ৰায় ১ ঘণ্টা ৩০ মিনিট সময় জোৰা পথ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰে। বিয়লি ৪:৩০ বজাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ গৰকাপ্তানী বিভাগৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ সিদ্ধান্ত লোৱাৰ পাছতহে পথ অৱৰোধ কাৰ্য্যসূচী উঠাই লোৱা হয়। প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যকৰী সভাপতি মানস কোঁৱৰ, গণ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য্যকৰী সভাপতি মানস কোঁৱৰ, গণ মুক্তি সংগ্ৰাম সমিতিৰ অাহ্বায়ক লু- চু্্যন শ্যাম গোঁহাই, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক দীপেন ফুকন, প্ৰণয় হাজৰিকা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সভাপতি ৰিতুমনি হাজৰিকা, পৰাসৰ কোৱৰ, যুটীয়া সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকন, সীমান্ত গগৈ, সহ: সাধাৰণ সম্পাদক অাছিফ ইছলাম উপস্থিত থাকি বিজেপি চৰকাৰ খনৰ গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অাৰু শিৱসাগৰৰ গড়কাপ্তানি বিভাগক ৰাষ্টা-ঘাট বনাই দিব নোৱাৰাৰ বাবে ধিক্কাৰ জনায়।