তামুলপুৰ, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰী: তামুলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত লক্ষীনাৰায়ণপুৰ – বিনোবাপুৰ সংযোগী পথত ২০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বস্ক কালভাৰ্ট তিনিটা বুধবাৰে আনুষ্ঠানিক ভাবে মুকলি কৰে তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মছাহাৰীয়ে। উক্ত অনুষ্ঠানত অনুষ্ঠানত দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিত গৌৰা নাৰ্জাৰী, বিশিষ্ঠ সমাজকৰ্মী ৰংজা খুংগুৰ বসুমতাৰী, কালিপদ মণ্ডল, তামুলপুৰ জিলা বিপিএফৰ উপ সভাপতি মোহন বসুমতাৰী, দৰঙাজুলি ব্লক বি পি এফৰ সাধাৰণ সম্পাদক কমল উজিৰ, ২ ন পশ্চিম কুমাৰীকাটা ভি চি ডি চিৰ অধ্যক্ষ সুজন পাল, দৰঙাজুলি যুৱ বি পি এফৰ সভাপতি জয়দেৱ অধিকাৰী প্ৰমুখ্যে স্থানীয় ৰাইজৰ উপস্থিত থাকে। ইয়াৰ পিছতে নতুন হাউলী – নেপালীখুটি সংযোগী পথত দহ লাখ টকা ব্যয়ৰে এম জি এন ৰেগা আঁচনিৰ অধীনত নিৰ্মাণ কৰা এখন পকী দলং । দলংখন আনুষ্ঠানিক ভাবে মুকলি কৰে তামুলপুৰৰ বিধান সভা সমষ্টি বিধায়ক ইমানুৱেল মছাহাৰীয়ে। তেওঁৰ লগত সহযোগ কৰে দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিত গৌৰা নাৰ্জাৰী, তামুলপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চানচুমা বসুমতাৰী, কনিষ্ঠ অভিযন্তা অৰ্পণা বড়ো, তামুলপুৰ জিলা বি পি এফৰ উপ সভাপতি মোহন বসুমতাৰী, দৰঙাজুলি ব্লক বিপিএফৰ সাধাৰণ সম্পাদক কমল উজিৰে। অনুষ্ঠানত স্থানীয় ৰাইজৰ লগতে তিনি নং ভি চি ডি চিৰ অধ্যক্ষ ৰাজা নাৰ্জাৰী, অৱনী দাস, শুক্লেশ্বৰ ৰাভা, গোবিন্দ দাস প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই সুঁতিটোৰ ওপৰত দীৰ্ঘদিন ধৰি বাঁহেৰে নিৰ্মাণ কৰা দলঙেৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ অহা-যোৱা কৰিছিল। পকী দলং খন নিৰ্মাণ হোৱাত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।