তামূলপুৰ

১২ এপ্ৰিল

ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইদিনমান বাকী। ইতিমধ্যে ৰাজ্যবাসীয়ে বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। ৰাজ্যেৰ প্রান্তে প্রান্তে এতিয়া চলিছে বিহু নাচৰ আখৰা আৰু বিহু কৰ্মশালা।

গাৱে-ভূঁয়ে, চহৰে-নগৰে এতিয়া ঢোল-পেঁপাৰ মাতে ৰজনজনাই তুলিছে ৰাজ্যৰ আকাশ বতাহ। আগন্তক ৰঙালী বিহুৰ প্ৰতি লক্ষ্য ৰাখিয়ে দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দহ দিনীয়া বিহু কৰ্মশালা অনুস্থিত হয়। উক্ত বিহু কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে আছে কামেশ্বৰ কলিতা আৰু পৰাগ কুমাৰ দাসৰ তত্বাৱধানত গান্ধীবাৰী অঞ্চলৰ ডেকা-গাভৰুৱে বিহু কৰ্মশালাত অংশগ্ৰহণ কৰি বিহু নাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।

দহ দিনীয়া বিহু কৰ্মশালাৰ আজি অন্ত পৰে। দক্ষিণ ডেফেলী ছাত্ৰ সন্থাৰ উদ্যোগত অনুস্থিত হোৱা বিহু কৰ্মশালাৰ অন্তিমতো দিনত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষণাৰ্থী সকলে কৰ্মশালাৰ সমাপ্তৰ শেষত সমূহীয়াভাৱে বিহু নাচি এক আনন্দ উল্লাস পৰিৱেশ সৃষ্টি কৰি তোলে।