মানকাচৰ

১১ এপ্ৰিল

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ২ নং পূবেৰ গাঁৱত বিদ্যালয়ৰ চুৰি ঘটনাৰ লগত জড়িত এজন চোৰ শনিবাৰে নিশা চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ হয়। ২ নং পূবেৰ গাঁৱত থকা ন্যেশ্বনেল ইংলিছ একাডেমী বিদ্যালয়ত যোৱা ১৯ মাৰ্চত চোৰে লুটপাট চলাই এটা ষ্টেবিলাজাৰ, এটা বেটাৰীসহ ইনভাৰ্ট, এটা ওৱাৰ্টাৰ পাম্প, মাইক ছেটসহ লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰি নিয়ে।

ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই মানকাচৰ থানাত এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে এক গোপন সুত্ৰৰ পোম খেদি শনিবাৰে নিশা প্ৰায় ১১ বজাত গাঁওখনৰে কান্দু মিঞাৰ পুত্ৰ ৰজিম মিঞাক গ্ৰেপ্তাৰ কৰি চুৰিৰ সামগ্ৰীখিনি উদ্ধাৰ কৰে। মানকাচৰ থানাৰ আৰক্ষীৰ উপ পৰিদৰ্শক সন্তোষ কুমাৰ বৰ্মনৰ নেতৃত চলা অভিযানত চুৰি সামগ্ৰীখিনি উদ্ধাৰ হোৱাত চোৰজনক দেওবাৰে হাটশিঙিমাৰী মহকুমা ন্যায়িক আদালতত হাজিৰ কৰা হয়। আদালতে চোৰজনক ধুবুৰী জেললৈ প্ৰেৰণ কৰাৰ লগতে উদ্ধাৰ হোৱা সামগ্ৰীখিনি বিদ্যালয় কতৃপক্ষক গতাই দিয়াৰ নিৰ্দেশ দিয়ে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে মানকাচৰ চহৰৰ কেইবাটাও মন্দিৰ, মছজিদ, দোকান আদিৰ লগতে জিলাখনৰ হাটশিঙিমাৰী অঞ্চলটো চোৰে মছজিদ. বিদ্যালয়, মন্দিৰ আদি তাৰ্গেট কৰি বিভিন্ন সামগ্ৰী চুৰি কৰি এক প্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। এই ক্ষেত্ৰত আৰক্ষীয়ে এই চোৰজনক গ্ৰেপ্তাৰ কৰাত ৰাইজে কিছু পৰিমানে সকাহ পাব বুলি ধাৰণা কৰা হৈছে।