গুৱাহাটী, সংবাদ ৩৬৫, ১৬ আগষ্ট: দেশৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে বৃহস্পতিবাৰে এইমচ হস্পিতালত সন্ধিয়া ৫:০৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত বাজপেয়ীৰ বয়স আছিল ৯৩ বছৰ। যোৱা ১১ জুনৰ পৰাই এইমচত ভৰ্তি কৰোৱা প্ৰাক্তন মন্ত্ৰী গৰাকীৰ যোৱা ৩৬ ঘণ্টাত স্বাস্থ্যৰ অৱনতি ঘটে। আৰু তাৰ পাছতেই মৃত্যুৰ বাতৰি দিয়ে এইমচ কৰ্তৃপক্ষই। ১৯২৪ চনৰ ২৫ ডিচেম্বৰত গোৱালিয়ৰত জন্ম গ্ৰহণ কৰিছিল দেশৰ দশম প্ৰাক্তন প্ৰধান মন্ত্ৰী জনে। প্ৰধান মন্ত্ৰী পদত ৩ বাৰকৈ অলংকৃত আছিল বাজপেয়ীয়ে। বিজেপিৰ পিতামহৰূপে পৰিচিত বৰ্ষীয়ান নেতা গৰাকীৰ মৃত্যুত দল মতৰ লগতে সমগ্ৰ দেশতে শোকৰ বন্যা পৰিছে। তেওঁৰ মৃত্যুৰ বাতৰি পাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সকলো কাৰ্য্যসূচী বাতিল কৰি বাজপেয়ীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ দিল্লীলৈ ৰাওনা হয়।