তিতাবৰ, ১৪ ছেপ্টেম্বৰঃ তিতাবৰত দৰিদ্ৰতা সীমাৰেখাৰ তলৰ জনতাৰ বাবে চৰকাৰী বিনামূলীয়া স্বাস্থ্য বীমা আঁচনি অটল অমৃত যোজনাৰ স্মাৰ্ট কাৰ্ডৰ কাম কাজ অধিক তৰাম্বিত কৰি তোলা হৈছে৷ এই আঁচনিৰ অধীনত চৰকাৰে কেবাটাও জটিল ৰোগৰ চিকিৎসাৰ কাৰণে ৰোগীক দুই লাখ টকা পৰ্যন্ত ৰেহাই দিছে৷ ৰাজ্যৰ দৰিদ্ৰতা সীমাৰেখাৰ তলৰ প্ৰতিজন লোককে সাঙুৰি ল’ব লগা আঁচনিৰ স্মাৰ্ট কার্ড সমূহ অহা ১অক্টোবৰৰ ভিতৰত বিতৰণ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য  নিৰ্দ্ধাৰণ কৰা হৈছে৷ প্ৰাপ্ত তথ্য মতে, ৰাজ্য চৰকাৰে অক্টোবৰৰ প্ৰথম সপ্তাহতে আঁচনিৰ স্মাৰ্ট কাৰ্ড মুকলি কৰিব৷ ভাৰতীয় জনতা পাৰ্টীৰ যোৰহাট জিলা মৰ্চাৰ সভাপতি অঞ্জন কুৰ্মীয়ে জানিবলৈ দিয়া মতে এই আঁচনিত বিশেষকৈ চাহ জনজাতি অঞ্চলত অধিক গুৰুত্ব দিয়া হৈছে৷