গুৱাহাটী, ১৩ ছেপ্টেম্বৰঃ মিছন চাইনাৰ প্ৰচাৰৰ সময়ত এজন সেনা বিষয়াক কৰা বিৰ্তকিত মন্তব্যৰ সন্দৰ্ভত আজি সংবাদমেল যোগে ক্ষমা বিচাৰে জুবিন গাৰ্গে৷ সংবাদমেলত জুবিনে কয় যে, মই ভাৰতীয় সেনাক আঘাত দিব বিচৰা নাছিলো, ভুল বুজাবুজিৰ বাবেই বিতৰ্ক হৈছে, মই ধেমালিহে কৰিছিলো৷ তেওঁ লগতে কয় যে, মিছন চাইনা সেনাৰ কাৰমে বনোৱা হৈছে৷ ছবিখনৰ নিৰ্মাণৰ সময়ত মোক ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেবাজনো সেনা বিষয়াই সহায় কৰিছিল৷ সেনা আমাক লাগিবই, মই তেওঁলোকক অসন্তুষ্ট কৰিব বিচৰা নাছিলো৷ উল্লেখ্য যে, জুবিনে দিল্লীৰ বিমান বন্দৰত আৰ্মি কাৰ্ণেলৰ টুপী পিন্ধি থকা সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাৰ পুত্ৰ সেনা জোৱান বিকাশ কুমাৰ দাসে টুপী পিন্ধিবলৈ মানা কৰে৷ জুবিনে জোৱানগৰাকীক প্ৰত্যুত্তৰত কয় যে, আপুনি মেজৰ কিন্তু মই কৰ্ণেল। এই কথাৰ বাবেই জোৱান জনে জুবিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷