যোৰহাট, ১৪ ছেপ্টেম্বৰঃ পেট্ৰ’ল ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে জিলাৰ মাজমজিয়াস্থিত বিষ্ণুৰাম বৰুৱা হলৰ চাৰিআলি সমীপৰ বিঅ’চি পেট্ৰ’ল পাম্পৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদকাৰীসকলে চৰকাৰ খনক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে, বিজেপি চৰকাৰে পৰিৱৰ্তনৰ আশা দেখুৱাই শাসনলৈ আহিছিল। কিন্তু এতিয়া পৰিৱৰ্তনকামী চৰকাৰখনে জনসাধাৰণক ওলোটা স্বৰূপহে দেখুৱাবলৈ সক্ষম হৈছে।  বৰ্তমান সময়ত চৰকাৰখনে খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সকলো বস্তুৰ মূল্যবৃদ্ধি কৰা পৰিলক্ষিত হৈছে। যাৰ ফলত সাধাৰণ জনতাই জীয়াতু ভূগিবলগীয়া হৈছে। ক্ৰমাত পেট্ৰ’ল ডিজেলকে ধৰি সকলো ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি পেলাইছে৷ পৰিষদে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক অতি শীঘ্ৰেই পেট্ৰ’ল ডিজেলকে ধৰি সকলো ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায়৷ অন্যথা পৰৱৰ্তী পৰ্যায়ত ৰাজ্যজুৰি জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷