তিনিচুকীয়া

১৯ এপ্ৰিল

তিনিচুকীয়া জিলাৰ কভিড পৰিস্থিতি পর্যালােচনা কৰাৰ উদ্দেশ্যৰে দেওবাৰে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ পৌৰাহিত্যত তিনিচুকীয়া জিলা উপায়ুক্তৰ সভাকক্ষত এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত কভিড সংক্রমণ আৰু এই ক্ষেত্ৰত জিলা প্রশাসনৰ লগতে স্বাস্থ্য বিভাগে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে বিতংভাৱে বুজ লয় মুখ্যমন্ত্ৰীয়ে। জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াসকলে কভিড পৰিস্থিতি নিয়ন্ত্রণ আৰু কভিড ৰােগীৰ চিকিৎসাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে।

বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনসাধাৰণৰ মাজত জনসচেতনতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰােপ কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পঞ্চায়তৰ প্রতিনিধি, খণ্ড উন্নয়ন বিষয়া, গাঁওবুঢ়া আৰু স্বেচ্ছাসেৱী সংগঠনসমূহক লৈ তৃণমূল পর্যায়ত স্বাস্থ্য বিভাগে দিয়া নীতি-নির্দেশাৱলী সন্দৰ্ভত জনসচেতনতা সৃষ্টি কৰিবলৈ নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে প্রয়ােজন সাপেক্ষে ৰাইজ আতংকিত নােহােৱাকৈ স্বাস্থ্য বিভাগৰ নীতি নির্দেশাৱলীসমূহ মাইকযােগে প্রচাৰৰ ব্যৱস্থা কৰিবলৈও জিলা উপায়ুক্তক নির্দেশ দিয়ে। তিনিচুকীয়া এক বাণিজ্যিক চহৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই তিনিচুকীয়ালৈ ৰাজ্যৰ বাহিৰৰ পৰা সামগ্রী কঢ়িয়াই অসংখ্য ট্রাক আহে। ট্রাক ড্রাইভাৰ আৰু ইয়াৰ কৰ্মচাৰীসকলৰ কভিড পৰীক্ষা কৰাৰ মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে।বমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বজাৰ এলেকাসমূহত জনসচেতনতা সৃষ্টি কৰাৰ লগতে পৰীক্ষা কৰাৰাে পদক্ষেপ ল’বলৈ কয়। মুখ্যমন্ত্ৰীয়ে বিমান যাত্রী আৰু ৰে’ল যাত্রীসকলৰ কভিড পৰীক্ষা কৰাৰ বাবেও নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কভিড ভেকচিন প্রদানৰ ক্ষেত্ৰত জনসচেতনতা সৃষ্টিৰ ওপৰতাে গুৰুত্ব আৰােপ কৰে আৰু লগতে কভিড ৰােগীৰ চিকিৎসাৰ বাবে বিছনা, অক্সিজেন চিলিণ্ডাৰ ইত্যাদি মজুত ৰখাৰ বাবেও নির্দেশ দিয়ে। বৈঠকত কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ তপন গগৈ, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে। বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীয়ে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ গৈ কভিড সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বুজ লয়। সাংবাদিকৰ সৈতে হােৱা কথা-বতৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে বাহিৰৰ পৰা অহা বিমান আৰু ৰে’ল যাত্রীসকলক পৰীক্ষা কৰা হৈছে। যদি কোনাে যাত্রী পজিটিভ পােৱা গৈছে, আইচ’লেশ্যনত ৰখাৰ লগতে চিকিৎসা প্রদান কৰা হৈছে। ৰাজ্য চৰকাৰৰ তৰফৰপৰা কভিডৰ বাবে কৰণীয় আটাইবােৰ কাম কৰি আহিছে।

এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনসাধাৰণৰ সহযােগিতা বিচাৰে। জনসাধাৰণৰ সহযােগিতা অবিহনে চৰকাৰে এককভাৱে এই দিশত সফলতা লাভ কৰিব নােৱাৰে। মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক সতর্ক হ’বলৈ আহ্বান জনায়। পূর্বতে ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি জনসাধাৰণে অভিজ্ঞতা আহৰণ কৰিছে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনসাধাৰণৰ বাবে এই ক্ষেত্ৰত সকলােধৰণৰ পদক্ষেপ গ্রহণ কৰিছে। কভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰা হৈছে। ভেকচিন প্রদানৰ কাম দৈনিক চলাই থকা হৈছে। কেন্দ্রীয় চৰকাৰে যাৱতীয় ভেকচিন ৰাজ্য চৰকাৰক যােগান ধৰিছে। অক্সিজেন চিলিণ্ডাৰৰ ৰাজ্যখনত পর্যাপ্ত পৰিমাণে মজুত আছে। মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগে দিয়া নীতি-নির্দেশনা পালন কৰি বিহু উদযাপন কৰিবলৈ আয়ােজক আৰু শিল্পীসকলক আহ্বান জনায়।