হাটশিঙিমাৰী 

২০ এপ্ৰিল

মাস্ক পৰিধান নকৰা লোকৰ মাজত মাস্ক বিতৰণ কৰিলে আৰক্ষীয়ে।হাটশিঙিমাৰীত মাক্স নিপিন্ধা লোকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, মাক্স নিপিন্ধা লোকক আৰক্ষীয়ে বিতৰণ কৰিলে মাক্স। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’ণা আক্রান্ত লোকৰ সংখ্যা।

দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে শেহতীয়া কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলাবাসীক মাক্স পৰিধান কৰা বাধ্যতামূলক বুলি নিৰ্দেশ দিয়াৰ পিছত আৰক্ষীয়ে ঠায়ে ঠায়ে মাক্স পৰিধান নকৰা লোকৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক বিনামূলীয়াকৈ মাক্স বিতৰণ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। জিলাৰ সদৰ হাটশিঙিমাৰীকে ধৰি জিলাখনৰ মানকাচৰ, কালাপানী, দক্ষিণ শালমাৰা, ফকিৰগঞ্জ, সুখচৰ আদি এলেকাত আৰক্ষীয়ে মাক্স নিপিন্ধা লোকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে। ইতিমধ্যে কেইবাজনো লোকৰ পৰা আৰক্ষীয়ে মাক্স নিপিন্ধাৰ বাবে জৰিমনাও বিহা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে জিলা প্ৰশাসনে মঙলাবাৰে ঠায়ে ঠায়ে মাইকযোগে সকলো লোককে মাক্স পৰিধান কৰিবলৈ প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে।

আনহাতে খাৰুৱাবান্ধা আৰক্ষী চকীৰ আৰক্ষীয়ে মাক্স নিপিন্ধা লোকৰ বিৰুদ্ধে অভিয়ান চলাবলৈ গৈ মাক্স পৰিধান নকৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলক বিনামূলীয়াকৈ মাক্স বিতৰণ কৰি মাক্স পৰিধান কৰি ঘৰৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়। জিলা প্ৰশাসনৰ নিৰ্দেশনাৰ পিছত জিলাখনত কিছু সংখ্যক লোক এতিয়াও মাক্স পৰিধান নকৰিলেও অধিকাংশ লোক মাক্স পৰিধান কৰি বাহিৰত ওলোৱা পৰিলক্ষিত হৈছে।