গুৱাহাটী

৩ নৱেম্বৰ

খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। শুই থকা যোগান মন্ত্ৰীৰ টোপনি ভাঙিল। টোপনিৰ পৰা উঠিয়ে মূল্যবৃদ্ধিকলৈ যোগান মন্ত্ৰীয়ে দিলে টুলুঙা মন্তব্য। যোগান মন্ত্ৰীৰ মন্তব্য এতিয়া নিৰ্বাচনৰ সময়, নিৰ্বাচনৰ সময়ত বৃদ্ধি পায় আন্দোলন। সেইহে বিৰোধী দল সমূহে নিৰ্বাচনৰ বাবে বৃদ্ধি কৰিছে আন্দোলন।

বজাৰত জুই, আলু ৬০ টকা কেজি, পিয়াঁজ ৮০ টকা আৰু অন্যান্য পাচলি ৫০ ৰ তলত নাই। পাচলিৰ লগতে জুই লাগিছে অন্যান্য খাদ্য সমগ্ৰীটো। দিনক দিনে খাদ্য সমগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সর্বসাধাৰণ জনতাক জলাকলা খুৱাইছে যদিও মূল্যবৃদ্ধিকলৈ চিন্তিত নহয় চৰকাৰ। চৰকাৰৰ সমান্তৰালে বিৰোধী দল সমূহোৰ বাবেও মূল্যবৃদ্ধি ইমান ডাঙৰ এটা চিন্তৰ বিষয়া নহয় যদিও মূল্যবৃদ্ধিৰ বিৰোধিতা কৰিছে বিৰোধী দল সমূহে। খাদ্য সমগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজপথলৈ নামিছে দুই-এটা ৰাজনৈতিক দলে। মূল্যবৃদ্ধি ৰোধৰ বাবে প্ৰতিবাদ হোৱাৰ পিছত ৰাজ্যৰ যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰী অৱশেষত মুখ খুলি কলে যে “মূল্যবৃদ্ধিকলৈ যোগান মন্ত্ৰীয়ে দিলে টুলুঙা মন্তব্য। যোগান মন্ত্ৰীৰ মন্তব্য এতিয়া নিৰ্বাচনৰ সময়, নিৰ্বাচনৰ সময়ত বৃদ্ধি পায় আন্দোলন। সেইহে বিৰোধী দল সমূহে নিৰ্বাচনৰ বাবে বৃদ্ধি কৰিছে আন্দোলন”। যোগান মন্ত্ৰী গৰাকী ইয়াতকৈও এখোজ আগুৱাই গৈ কলে যে ” ফুটপাথৰ পাচলিৰ দোকান সমূহৰ বাবেহে পাচলিৰ দাম বৃদ্ধি পাইছে। পিয়াঁজ ফুটপাথৰ দোকানত ৮০ টকা কেজিত বিক্ৰী হৈ থকাৰ সময়তে চৰকাৰী দোকানত পিয়াঁজ ৩৫ টকা কেজিত বিক্ৰী হৈ আছে বুলিও টুলুঙা মন্তব্য দিয়ে যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে।

খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিকলৈ যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে কৰা মন্তব্যকলৈ এৰীয়া ব্যাপক প্ৰতিক্ৰিয়া হোৱা দেখিবলৈ পোৱা গৈছে। নাচিকৰ পৰা পিয়াঁজ আহি পোৱাৰ পিছত ৰাজ্যত পিয়াঁজৰ মূল্য নিয়ন্ত্ৰনলৈ আহিব বুলিও জানিবলৈ দিয়ে যোগান মন্ত্ৰী গৰাকীয়ে।