দক্ষিণ কামৰূপ ,সংবাদ ৩৬৫, ৮ এপ্ৰিল : লোহাৰঘাট বনাঞ্চলিক কাৰ্য্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ । বৰৰদুৱাৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই দাহ কৰে মুখ্যমন্ত্ৰী সোনোৱালৰ প্ৰতিমূৰ্তি ।

বনবিভাগ ৰক্ষা কৰাত চূড়ান্ত ব্যৰ্থতা হোৱাৰ অভিযোগত ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । বনমন্ত্ৰীৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে ৰাভা ছাত্ৰ সন্থাই ।

উল্লেখ্য যে অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি থকা বনধ্বংস নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ বনাঞ্চলিক বিষয়া আৰু বনকৰ্মীসকল । অঞ্চলতো অতি শীঘ্ৰে বনধ্বংস ৰোধ নকৰিলে আগন্তুক লোক সভা নিৰ্বাচনত সংগঠনটোৱে বিজেপিৰ বিৰুদ্ধে ভোট বৰ্জন কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ হুংকাৰ দিয়ে ।

ইফালে পূৰ্বতেও ৰাভা ছাত্ৰ সন্থাই চোৰাং কাঠভৰ্তি বাহন জব্দ কৰাৰ লগতে যোৱাকালি নিশাও জব্দ কৰিছিল এখন কাঠভৰ্তি অটোভেন ।