গুৱাহাটী, সংবাদ ৩৬৫, ৮ এপ্ৰিল : মঙলবাৰে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয়ভাৱে প্ৰকাশিত নিৰ্বাচনী ইস্তাহাৰত পুনৰ কেৱ অনাৰ প্ৰসংগ উল্লেখ কৰাৰ সদৌ অসম ছাত্ৰ সন্থাই উক্ত বিষয়টোক তীব্ৰ ভাষাৰে নিন্দা কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে কয় যে বিজিপিয়ে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আৱেগক ওলাই কৰিছে।

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ এই দলটোক উচিত শিক্ষা দিয়াৰ সময় সমাগত। অসমৰ জনসাধাৰণৰ নিৰাপত্তাবোধ, অসমৰ ভাষা, সংস্কৃতি, সভ্যতা সকলোবোৰ সুনিশ্চিত কৰিবৰ বাবে দলটোক শিক্ষা দিয়াৰ সময় আহিছে। কঠোৰ, নিৰ্ণায়ক আৰু সঠিক সিদ্ধান্ত লবৰ বাবে অসমৰ জনসাধাৰণৰ এইটোৱেই উচিত সময়।

এই দলটোৱে জনসাধাৰণক বিপথে পৰিচালিত কৰি জনসাধাৰণৰ পৰা ভোট পাবৰ বাবে কিছুমান কৌশল অৱলম্বন কৰিছে।
বিজেপি ক্ষমতাত আহিলে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক আমাৰ ওপৰত জাপি দি অসমৰ সভ্যতা, সংস্কৃতি থান বান কৰি দিব। অসমৰ জনসাধাৰণক হিন্দু-মুছলমানৰ নামত ভাগ ভাগ কৰি দিব। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে ডাৱৰ আঁতৰা নাই। আমি আগতেই কৈছিলোঁ যে এই দল ক্ষমতাত অধিষ্ঠিত হলে পুনৰ কেৱ আনি জাপি দিব আৰু উত্তৰ-পূৰ্বাঞ্চলক থান – বান কৰি দিব আৰু এই কথাটোৱেই প্ৰতিপন্ন হ’ল।

সেয়ে অসমৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনায় তেওঁ কয় যে কঠোৰ,নিৰ্ণায়ক আৰু সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ সময় সমাগত। নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে ৩০ টা সংগঠনৰ লগতে অসমৰ জনসাধাৰণ,বুদ্ধিজীৱী, সাংবাদিক সকলোৱে মিলি বিৰোধীতা কৰিছিলোঁ। তৎস্বত্তেও তেওঁলোকে এই বিলখন আনিব বুলি বীৰদৰ্পে ঘোষণা কৰিছে। তেওঁলোকক প্ৰতিহত কৰিব পাৰিলে আমি আমাৰ নিৰাপত্তা নিজেই নিশ্চিত কৰিব পাৰিম।

আমি ৰাজপথত সংগ্ৰাম অব্যাহত ৰাখিম বুলি কৈ লগতে কয় যে পৰৱৰ্তী পৰ্যায়ত সদৌ অসম ছাত্ৰ সন্থাই নিজা পৰিকল্পনা যুগুত কৰি এই বিলখন প্ৰতিহত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিম।গণতন্ত্ৰত যিহেতু ৰাইজেই ৰজা । ৰাইজে ইচ্ছা কৰিলে এই দলটোক উচিত প্ৰত্যুত্তৰ দিব পাৰে। অসমৰ জনসাধাৰণক তেওঁলোকে যোৱা পাঁচ বছৰে নিৰ্যাতন কৰিছে যদি অসমৰ ৰাইজে সঠিক সিদ্ধান্ত লয় তেতিয়া তেওঁলোকে এইধৰণৰ নিৰ্যাতন চলাব নোৱাৰিব । ৰাইজলৈ আহ্বান জনায় সভাপতিগৰাকীয়ে কয় যে এই নিৰ্বাচনতে আপোনালোকে বিজেপি দলক উচিত প্ৰত্যুত্তৰ দিয়ক।