গুৱাহাটী, সংবাদ ৩৬৫, ৮ এপ্ৰিল : কিছুদিনৰ আগত ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাই পদযাত্ৰাৰে নিৰ্বাচনী প্ৰচাৰ কৰিছিল আৰু সেই নিৰ্বাচনী প্ৰচাৰ অভিযানত অবৈধভাৱে বিজেপিৰ নিৰ্বাচনী কাৰ্য্যালয়ত কোনো নথকা সময়ত প্ৰৱেশ কৰি নিৰ্বাচনী প্ৰচাৰ সামগ্ৰী চুৰি কৰাৰ এটা গোচৰ ৰুজু কৰিছে বিজেপিৰ লিগেল চেলে।

উক্ত গোচৰটোৰ সন্দৰ্ভত উপমন্যু হাজৰিকাই এখন সংবাদমেলৰ আয়োজন কৰে আৰু কয় যে মোৰ বিৰুদ্ধে মিছা তথ্য দি গোচৰ ৰুজু কৰি বিজেপিৰ লিগেল চেলে হাঁহিয়াতৰ পাত্ৰ হৈছে। মিছা কথা কোৱাটো তেওঁলোকৰ স্বভাৱত পৰিণত হৈছে।

বাৰে বাৰে ভুৱা তথ্য দি ধৰা পৰি বিজেপি দলে এটা অভূতপূৰ্ব নজীৰ স্থাপন কৰিছে। এহাতে যদি বিজেপিৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী কুইন ওজাই শপত নামাত ভুল তথ্য দি প্ৰাৰ্থীত্ব বাতিল হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰিছে, আনফালেদি বিজেপিৰ লিগেল চেলৰ আহ্বায়ক বেণুধৰ নাথে অধিবক্তা হৈও মিছা অভিযোগ কৰি নিজেই ফান্দত পৰিছে।

যিহেতু সমগ্ৰ ঘটনা কেইবাটাও চেনেলে প্ৰচাৰ কৰিছে, সেয়ে তেওঁলোকৰ কাৰ্য্যালয়টোত আঁৰি থোৱা কেইখনমান বেনাৰ-পোষ্টাৰৰ বাহিৰে যে সম্পূৰ্ণ খালি আছিল সেইয়া ধৰা পৰিছে আৰু চুৰীৰ অভিযোগটো যে সম্পূৰ্ণ মিছা সেইয়া প্ৰমাণিত হৈছে।

সংবাদ মেলত হাজৰিকাই কয় যে বিজেপি লিগেল চেলে স্বয়ং মিছা গোচৰ তৰি অপৰাধ কৰিছে। গোচৰ তৰিলেও মই বেল নলও । বেল নোলোৱাকৈ বহি থাকিম।

মোৰ বিৰুদ্ধে গোচৰ তৰাৰ কাৰণ হ’ল মই তেওঁলোকৰ উদং কাৰ্য্যালয়ৰ পৰা কৈছিলোঁ যে এইদৰে খিলঞ্জীয়াৰ স্বাৰ্থক অৱজ্ঞা আৰু অপমান কৰিলে এনে খালী কাৰ্য্যালৈয়েই ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচন চলাব লাগিব। সংবাদ মাধ্যমৰ আগত কোৱা এই অপ্ৰিয় সত্য বাস্তৱটোৱে বিজেপিৰ পৰা তৃণমূল কৰ্মীলৈকে জোকাৰি গৈছে আৰু ইয়াক ঢাকিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে বিজেপিৰ লিগেল চেলে মোৰ বিৰুদ্ধে এই মিছা গোচৰ তৰিছে।