ফাজলুৰ ৰহমান

সোণতলীত

১ নৱেম্বৰ

দক্ষিণ কামৰূপৰ সোণতলীত শণিবাৰে বকোৰ বিধায়িকা নন্দিতা দাসে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰী জিৰণি কোঠা, শৌচালয়, স্নানাগাৰ নিৰ্মাণ বাবে ৪ লাখ ৫০ হাজাৰ টকা আৰু টাংগনমাৰী গাঁৱৰ হাজী জহিৰ উদ্দিন এম ই মাদ্ৰাছাৰ চাৰিসীমাৰ পকী দেৱাল নিৰ্মাণৰ বাবে ৮ লাখ টকা বিধায়িকাৰ পুজিৰে আধাৰশিলা স্থাপন কৰে৷

বকোৰ বিধায়িকা গৰাকীয়ে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ খেলপথাৰখনৰ উন্নয়নৰ বাবে প্ৰায় চাৰি বছৰ পূৰ্বে ১৫ লাখ টকা অনুদান দিছিল যদিও আজিলৈ খেলপথাৰখনৰ উন্নয়নৰ কাম সম্পূৰ্ণ নোহোৱাত বিধায়িকা গৰাকীয়ে মহাবিদ্যালয়খনত উপস্থিত হৈ আধাৰুৱা হৈ থকা খেলপথাৰখনৰ কাম পুনৰ আৰম্ভ কৰিবলৈ বিধায়িকাৰ পুজিৰ পৰা পুনৰ দহ লাখ টকা ঘোষনা কৰে৷ বিধায়িকা গৰাকীয়ে দুয়োটা আধাৰশিলা স্থাপন কৰি সুতিৰপাৰ বজাৰত এখন বুথ কমিটিৰ আহ্বানত এক সাধাৰণ সভাত উপস্থিত হয়৷ সাধাৰণ সভা অনুষ্ঠিত কৰি সাংবাদিকৰ সাক্ষাৎকাৰত বিধায়িকা গৰাকীয়ে কয় যে বিজিপি দলে উন্নয়ন নকৰি সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে, বিজেপি চৰকাৰে সাম্প্ৰদায়িক কথা কবলৈ কিছুমান মানুহ নিয়োগ কৰিছে। সাম্প্ৰদায়িক ৰাজনীতি কৰা বিজেপিক মানুহে চিৰদিনৰ বাবে বিদায় দিব বুলিও মত ব্যক্ত কৰে বকোৰ বিধায়িকা গৰাকীয়ে।

বিধায়িকা নন্দিতা দাসে সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ পৰিচালনা সমিতি, অধ্যাপক সকল আৰু অধ্যক্ষৰ মাজত দীৰ্ঘদিন ধৰি এক বিবাদ চলি থকা বুলি জানিবলৈ পায়। বিধায়িকা গৰাকীয়ে এক আলোচনাৰ মাধ্যমেৰে উক্ত বিবাদ সমাধান কৰা বুলিও জানিব পৰা গৈছে। আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ বিধায়িকা গৰাকীয়ে কয় যে কংগ্ৰেছ দলে আগন্তুক বিধান সভাত ৮০খন আসন পাব আৰু কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাটো খাটাং৷