চিৰাং

১ নৱেম্বৰ

দেওবাৰ চিৰাংত ইউপিপিএল দলে জিলাখনৰ ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিত এক পৰিৱৰ্তন যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে। সমষ্টিটোৰ অন্তৰ্গত ছাতিপুৰ প্ৰাইমাৰী ইউপিপিএল দলৰ কাৰ্যলয়ৰ পৰা প্ৰায় পাঁচ শতাধিক লোকে এই পৰিবৰ্তন পদযাত্ৰাত অংশগ্ৰহণ কৰে৷ ইউপিপিএল দলৰ উপ সভাপতি তথা ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে পৰিবৰ্তন পদযাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয় যে ৰাইজৰ পদধূলি গছকি গাঁৱে গাঁৱে, ঘৰে ঘৰে ইউপিপিএল দলে নিৰ্বাচনী প্ৰচাৰ চলাব৷

দুৰ্নীতি-ভ্ৰষ্টাচাৰী বিপিএফ আৰু বড়ো-অবড়োৰ বিভাজন আনি ৰাজনীতি কৰিব বিচৰা জিএছপি দলৰ বিৰুদ্ধে জণগণক একত্ৰিত কৰি বিটিআৰত এক সুস্থ-সৱল নিকা আৰু গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠাৰ মানসেৰে ৰাইজৰ পদুলিলৈ ইউপিপিএল দল ওলাই আহিছে বুলিও মন্তব্য কৰে ৰণগৌৰা নাৰ্জাৰীয়ে। হাগ্ৰামা মহিলাৰীয়ে বিটিচি’ৰ পৰা এটাও গাঁও কৰ্তন কৰিবলৈ দিয়া নহ’ব বুলি কৰা মন্তব্য সন্দৰ্ভত ৰণগৌৰা নাৰ্জাৰীয়ে প্ৰতিক্ৰীয়া প্ৰকাশ কৰি কয় যে গাঁও কৰ্তন হাগ্ৰামাৰ কথাত নহয়। বিটিচি’ত গাঁও কৰ্তন বা অন্তৰ্ভুক্তিৰ বাবে চৰকাৰে আয়োগ বনাই দিছে আৰু আয়োগে এই বিষয়ে কাম কৰিব, হাগ্ৰামাই কোৱা কথা মতে কাম নহয়।

বিটিচিত বিগত দিনত বিপিএফ দলে অগাধ দুৰ্ণীতি কৰিলে। চৰকাৰী আঁচনি সমূহ আনি বিপিএফৰ নেতৃত্বই খালে আৰু ঠিকাদাৰৰ টকাৰে বিভিন্ন উন্নয়নৰ কাম কৰি ধন আদায় দিয়া নাই বুলি কয় ৰণগৌৰা নাৰ্জাৰীয়ে। বিটিআৰ চুক্তিৰ দফা সংশোধন নকৰিলে বড়ো-অবড়োৰ সংঘাতৰ বিষয়ে হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰমগৌৰা নাৰ্জাৰীয়ে কয় যে বিটিআৰ চুক্তি লৈ হাগ্ৰামাই ৰাজনীতি কৰি আছে। এই চুক্তিত কোনো এটা জনগোষ্টীৰ বাবেই ক্ষতিকাৰক কোনো দিশ নাই। বড়ো-অবড়ো বিটিচি চুক্তিৰ পৰাহে সৃষ্টি হৈছে। কোনো জনগোষ্টীয়ে বিটিআৰ চুক্তিকলৈ কোনো ধৰণৰ আপত্তি নাই, হাগ্ৰামাইহে বিটিআৰ চুক্তিকলৈ ৰাজনীতি কৰি আছে। ৰণগৌৰা নাৰ্জাৰীয়ে লগতে কয় যে বিপিএফ দলে প্ৰথমবাৰ ৩৯ টা দ্বিতীয় বাৰ ২৯ টা আৰু তাৰ পিচত ১৯ টা আসন পাইছিল আৰু সেই অনুসৰি এইবাৰ ৯ টাহে আসন পাব বিপিএফ দলে।

অঞ্জলি দৈমাৰীক সমালোচনা কৰি ৰণগৌৰা নাৰ্জাৰীয়ে কয় যে এনডিএফবিৰ এজন নেতাক আনি চৰকাৰে শান্তি চুক্তি কৰিলে আৰু এতিয়া তেওঁক মোকলাই অনাৰ কাম চলি আছে। এই সময়ত তেওঁৰ ভগ্নিয়ে যদি এইদৰে এই বিষয়েও সমালোচনা কৰে ৰাজনীতি কৰে তাতকৈ দুৰ্ভাগ‍্যজনক একো নাই। মুঠতে বিপিএফ দলৰ বিগত সময়ৰ দুৰ্ণীতি, ভ্ৰষ্টাচাৰ, অপশাসন, দাদাগিৰি আদিৰ পৰা মুক্তিৰ বাবে শিল দৌল ভাঙি পৰিৱৰ্তনৰ বাবে মানুহ ইউপিপিএল দলত যোগদান কৰিছে। বিটিচিত এইবাৰ ইউপিপিএল দলেই পৰিষদ গঠন কৰিব সেয়া ভোটাৰ সকলে নিশ্চিত কৰিছে বুলিও কয় ৰণগৌৰা নাৰ্জাৰীয়ে।