দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১৮ ছেপ্টেম্বৰ: দক্ষিণ কামৰূপৰ সোণতলীত মঙ্গলবাৰে সোণতলী আৰক্ষীৰ অভিযানত সোণতলী পানীখাইটি পাৰঘাটত চাৰিজনকৈ বাইক চোৰ আটক কৰা হয়। গভাইত চোৰকেইজনৰ পৰা দুখনকৈ চুৰি বাইক জব্দ কৰে। জব্দকৃত বাইক দুখনৰ নম্বৰ এ এছ১৫ কে৮২৬৩(পালচাৰ) আৰু এ এছ১৪ বি১২২৫( আপাচি)। গভাইত চোৰকেইজনৰ স্বীকাৰোক্তি মতে বৰপেটাৰ গহেৰপুৰৰ একেটা পৰিয়ালৰ পৰা বাইক দুখন সোমবাৰে নিশা চোৰ কৰিছিল বুলি জানিব পৰা যায়। কৰাআটকাধীন চোৰ কেইজন ক্ৰমে বৰপেটাৰ ছিৰাজুল ইছলাম, আছৰাফ ভূঞা, ওৱাজেদ আলী আৰু নগৰবেৰাৰ টুপামাৰীৰ হাফিজুৰ ৰহমান। সম্প্ৰতি চোৰকেইজনক সোণতলী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।