গুৱাহাটী, সংবাদ ৩৬৫, ১৮ ছেপ্টেম্বৰ: অসমবাসীৰ বাবে পুনৰ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হল মহানগৰীৰ বশিষ্ঠৰ জীয়ৰী মেৰী শইকীয়া। যোৱা ১৬ ছেপ্তেম্বৰত ৰাজস্থানৰ যোধপুৰত অনুস্থিত হোৱা মিছ দিৱা অফ ইণ্ডিয়া ইউনিভাৰ্চ প্ৰতিযোগিতাত প্ৰায় ৩০ গৰাকী প্ৰতিযোগীক হৰুৱাই প্ৰথম স্থান দখল কৰি বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হল মেৰী শইকীয়াই। বশিষ্ঠৰ জীয়ৰী মেৰী শইকীয়াই বিজয়ৰ মুকুট জিনাৰ লগতে ৩ লাখ টকাৰ চেক এখনো পাবলৈ সক্ষম হয়। বিজয়ৰ মুকুত জিনি মঙ্গলবাৰে দুপৰীয়া বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণী জনাই আত্মীয় তথা শুভকাংশীয়ে মেৰী শইকীয়াক। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাত বিভিন্নজনে চাবলৈ হেতা-ওপৰা লগায় এই অসম কন্যা গৰাকীক । আনহাতে অসম কন্যা গৰাকীয়ে তেওঁৰ পৰৱৰ্তী লক্ষ্য আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপত জিনাৰ লক্ষ্য বুলি জনায়।